ডিজিটেল ডেস্ক, A NEWS 24X7 : ভৰলুমুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা অসমবাসীক সম্বোধন আম আদমি পার্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত সিং মানৰ। প্ৰথমবাৰৰ বাবে অসমত বিশাল জনসভাত অংশগ্ৰহণ কৰি অসমবাসীক অসমীয়াতে সম্বোধন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।
গুৱাহাটীত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ উদাত্ত ভাষণ। হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা বিশাল জনসভাক সম্বোধন কৰি অসমৰ ভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ পথ সন্দৰ্ভত মক্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ভাষণ প্ৰসংগত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংস্কৃতিৰ পৰা শিক্ষা লোৱা উচিত। অসমৰ জনসাধাৰণ অতিথিপৰায়ণ, অতিথিক ধমক নিদিয়ে। তাৰোপৰি দিল্লীলৈ নিমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ দিল্লীত গ’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঘৰত চাহ খাই যাবলৈ ক’লে অৰবিন্দ কেজৰিৱালে ৷
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। ২০১৫ত দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰ হৈছিল আৰু ২০১৬ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হৈছিল। দিল্লীত ইমান উন্নতি কিন্তু অসমৰ এই দুৰৱস্থা কিয়?
তাৰোপৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিদ্যুতৰ মাচুল বৃদ্ধি , পেপাৰ লিককে ধৰি প্ৰায় কেইটা বিষয়ত উদাত্ত মন্তব্য আগবঢায়।