ডিজিটেল ডেস্ক, A NEWS 24X7 : বলীউডৰ অভিনেতা ছলমান খানলৈ ৰাজস্থানৰ যোধপুৰৰ এজন ‘ৰকি ভাই’ৰ পৰা ফোনযোগে পুনৰ মৃত্যুৰ ভাবুকি । ৰাজস্থানৰ শ্বাহপুৰৰ এজন ১৬ বছৰীয়া যুৱকে এই ফোন কৰে।
আৰক্ষীয়ে জনোৱা মতে, ফোন কৰাজনে ৩০ এপ্ৰিলত খানক হত্যা কৰাৰ ভাবুকি দিছিল। সম্প্ৰতি, আৰক্ষীয়ে শ্বাহপুৰৰ কিশোৰজনক আটক কৰিছে, আৰু অধিক তদন্তৰ বাবে মুম্বাইলৈ নিছে।
অপৰাধী লৰেন্স বিষ্ণয়ৰ দলৰ ভাবুকিৰ মাজতে অভিনেতাগৰাকীয়ে বুলেট প্ৰুফ এছ ইউ ভি ক্ৰয় কৰাৰ দুদিনমান পিছতে নতুন মৃত্যুৰ ভাবুকি পোহৰলৈ আহিছে। সোমবাৰে সন্ধিয়া মুম্বাইৰ জুহুৰ এখন থিয়েটাৰত তেওঁৰ আগন্তুক ছবি ‘কিছি কা ভাই কিচি কি জান’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানতো তেওঁৰ বুলেটপ্ৰুফ গাড়ীৰে উপস্থিত হয়।