ডিজিটেল ডেস্ক ANEWS24X7: দেশে আজি লাভ কৰিলে যুদ্ধ জাহাজ সৰ্বশক্তিমান আইএনএছ বিক্ৰান্ত । এবছৰীয়া পৰীক্ষাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুক্ৰবাৰে ভাৰতীয় নৌসেনাক অৰ্পন কৰিলে আইএনএছ বিক্ৰান্ত ৷ ২০ হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই যুদ্ধ জাহাজখন অত্যাধুনিক প্ৰযুক্তিৰে সু-সজ্জিত ৷
ভাৰততে নিৰ্মাণ কৰা এই যুদ্ধ জাহাজখন ২৬২ মিটাৰ দীঘল আৰু ৬২ মিটাৰ বহন ৷ এই যুদ্ধ জাহাজখন ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ যুদ্ধ জাহাজ ৷ দেশীয় প্ৰযুক্তিৰে এই বিশাল এয়াৰক্ৰাফ্ট কেৰিয়াৰ খন নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুক্ৰবাৰে কোচিন শিপইয়ৰ্ডত এই যুদ্ধ জাহাজখন মুকলি কৰে ।
আই.এন.এছ. বিক্ৰান্তৰ গ্ৰাউণ্ডিং পৰীক্ষণৰ কাম চলিত বৰ্ষৰ নৱেম্বৰ মাহত আৰম্ভ হ’ব আৰু ২০২৩ চনৰ মাজভাগত ইয়াৰ কাম সম্পূৰ্ণ হ’ব।
উল্লেখ্য যে উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হিৰকুমাৰ আৰু আন গণ্য–মান্য ব্যক্তি উপস্থিত থাকে।