মেষ ৰাশি – ধাৰ্মিক ভাৱনা বোৰৰ কাৰণে আপুনি যিকোনো তীৰ্থস্থান লৈ যাত্ৰা কৰিব পাৰে আৰু কোনোবা সাধুৰ পৰা দৈৱিক জ্ঞান লাভ কৰিব। দিনৰ আৰম্ভণি যদিও ভাল ভাৱে হব কিন্তু গধূলিৰ পিনে আপোনাৰ ধন খৰচ হব পাৰে আৰু যিটো কথাই আপোনাক অশান্তি দিব পাৰে। এনেকুৱা ভাৱ হয় যে পাৰিবাৰিক দিশত আপুনি ইমান সুখী নহয় আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হব পাৰে। ৰোমাণ্টিক মনোভাৱ সমূহত হঠাতে পৰিৱৰ্তন আহিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰতিদ্বন্দী আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে, এইবাবে আজি আপুনি সচেতন হৈ কাম কৰা দৰকাৰ। ছাত্ৰসকলক পৰামৰ্শ দিয়া হল যে বন্ধুত্বৰ খাতিৰত সিহতে যাতে সময় অপচয় নকৰে । বন্ধু আহিব লগা সময়তো হ’ব কিন্তু পঢ়িব বাবে এই সময় উপযোগী। বৈবাহিক জীৱনৰ কিছুমান দায় দোষ থাকি যায় , আজি আপুনি এইবোৰৰ সন্মুখীন হব পাৰে।
বৃষ ৰাশি – ক্ষনিক আবেগত ভাহি কোনো নিৰ্ণয় নলব ,ই আপোনাৰ সন্তানৰ হানি কৰিব পাৰে। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ধন নাই তেন্তে ঘৰৰ কোনোবা ডাঙৰৰ লগত বহি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি তাৰ উপদেশ লওক। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। যদি প্ৰেমাস্পদক জীৱন্ সংগীৰূপে পাব বিচাৰে তেন্তে আজিয়ে তেখেতেৰ লগত এই বিষয়ে কথা পাতক। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জানি লোৱাটো আপোনাৰ কৰণীয়। নতুুন যোজনা সমূহ আকৰ্ষক হব আৰু ভাল আমদানি ৰ এক বাট বুলি পৰিগণিত হব। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। আপোনাৰ জীৱন লগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে।
মিথুন ৰাশি – ব্বেলেগৰ প্ৰতি বেয়া চিন্তা মনত ৰাখিলে আপোনাৰ মানসিক শান্তি বেয়া হব পাৰে। আপুনি এনেকুৱা চিন্তা বৰ্জন কৰিব লাগে ,নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক এইবোৰ বৰ্জন কৰিবৰ বাবে । যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে সিহতঁৰ আজি অৰ্থ হানি হোৱাৰ সম্ভাৱনা আছে সেইবাবে আজিৰ দিনটো ভাৱি চিন্তি চলিব। যি সকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ , সিহঁতে আপোনাৰ বেয়া ভাৱে লাভ উঠাব বিচাৰিব। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। ইয়াৰ আগত কি আপোনাৰ বৰিষ্ঠ সকল এই বিষয়ে অৱগত হওক তাৰ আগতে কাম টো শেষ কৰা উচিত। আপোনাৰ কথা-বতৰাত মৌলিকতা ৰাখক ,কাৰণ যিকোনো ধৰণৰ কৃত্ৰিমতাই আপোনাক একো লাভান্বিত কৰিব নোৱাৰে। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব।
কৰ্কট ৰাশি – আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ চকুুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। অফিচৰ দিশে চালে আজি আপোনাৰ দিন ভাল যাব। কাম সোনকলে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে ভাল হব , ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হব আৰু আপুনিও সতেজ অনুভৱ কৰিব । আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে।
সিংহ ৰাশি – সামাজিক মিলাপ্ৰীতি ৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। আত্মীয় আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাবৰ চেষ্টা কৰিব , সাৱধানে থাকক নহ’লে পিছত গৈ আপুনি ঠগ খোৱাৰ দৰে অনুভৱ কৰিব। উদাৰতা এটা সীমা লৈ ভাল কিন্তু যদি এই সীমা পাৰ কৰিব লাগে তেন্তে সমস্যাৰ সৃষ্টি হব পাৰে। বহুুত কাম পৰি থকা স্বত্তেও আপুনি ৰোমাঞ্চকৰ ঘুৰা-ফুৰা ইত্যাদি আপোনাৰ মন-মগজুত বিৰাজ কৰি থাকিব। বহুত বিখ্যাত ব্যক্তিৰ লগত উঠা-বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তা সমূহত বহুত অৰিহণা লাভ কৰিব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে।
কন্যা ৰাশি – ধ্যান আৰু আত্ম-চিন্তন লাভদায়ক সিদ্ধ হ’ব। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। আজি চাল গলে সকলো ফালেদি এক লাভদায়ক দিন ,কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকু মুদি বিশ্বাস কৰে তেখেত আপোনাৰ বিশ্বাস ভাঙিব পাৰে। চোছিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পষ্ট দেখিব ,এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। যিবিলাক লোক বিদেশ ব্যৱসায়ৰ লগত জড়িত সিহতঁৰ আজি যথেষ্ঠ লাভ হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ লগতে চাকৰি ৰ লগত জড়িত এই ৰাশিৰ জাতক সকল নিজৰ প্ৰতিভাৰ ব্যৱহাৰ কৰ্মক্ষেত্ৰত পুৰাদমে কৰিব পাৰিব। আজি আপুনিি নতুন চিন্তা ধাৰা ৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। আজি বিবাহৰ পিনেদি চালে সকলো বোৰ বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হব।
তুলা ৰাশি – আপোনাৰ হিংসা প্ৰবৃতি আপোনাক দুখী আৰু হতাশ কৰিব পাৰে কাৰণ এই খিনি অকল আপোনাক কষ্ট দিব পাৰে সেইবাবে আপুনি যিমান পাৰে সোনকালে এইবোৰ বাদ দিয়ক। বেলেগৰ লগত সুখ দুখৰ ভাগ বটৰা কৰিলে আপোনাৰ স্বভাৱ ভাল হব। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশা মতে নহ’ব। আপুোনাৰ লগত বাস কৰা লোকজন আপোনাৰ নতুন ব্যৱহাৰৰ বাবে অতিকৈ অসহ্য অনুভৱ কৰিব। আজি সেই কাপোৰ নিপিন্ধিব যি কাপোৰ আপোনাৰ প্ৰিয়জনৰ পচন্দৰ নহয়, নহ’লে আপোনাৰ প্ৰিয়জনে দুখ পাব পাৰে। আপোনাৰ বৰিষ্ঠ জনৰ লগত আজি অলপ কথাত বিবাদ হব পাৰে নহ’লে কিছুমান কথাত বিৰোধ হব পাৰে, আকৌ আপুনি নিজৰ মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে । অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক ,এনেকৈ শুনিলে আপুনি আজি নিশ্চিত ভাৱে লাভ্ৰ মুখ দেখিবলৈ পাব। পৰিয়ালৰ সদস্য সমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হব পাৰে ,কিন্তু দিনৰ অন্তত আপোনাৰ জীৱন সংগী আপোনাৰ এই সমস্যা সমূহক অলপ সহজ হোৱাত আপোনাক সহায় কৰিব।
বৃশ্চিক ৰাশি -স্বাস্থ্যৰ ফালেদি এই সময়খিনি আপোনাৰ কঠিন যাব ,সেইবাবে খোৱা বোৱাৰ ভলকৈ যত্ন লব। এই কথা ভালকৈয়ে বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব সেয়ে আজিয়ে ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। প্ৰেম সন্দৰ্ভত সোনকালে কোনো নিৰ্ণয় নল’ব। ডাঙৰ ব্যৱসায়িক লেন-দেন কৰি থকা সময়ত নিজৰ অনুভূতি সমূহ নিয়ন্ত্ৰণত ৰাখক। এইটো এনেকুৱা এটা দিন যিদিনাখন আপুনি নিজকে সময় দিব বিচাৰে কিন্তু সময় উলিৱাব নোৱাৰে। জীৱন লগৰীৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব।
ধনু ৰাশি – অনিচ্ছাকৃত ভাৱে অহা চিন্তা ধাৰা সমূহ আপোনাৰ মগজুক নিয়ন্ত্ৰণ কৰিব নিদিব । শান্ত আৰু চিন্তিত নহ’বলৈ চেষ্টা কৰক, ইয়াৰ ফলত মানসিক দৃঢ়তা বাঢ়িব। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক নহলে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পইচালৈ কলহ হব পাৰে । পইচাৰ বিষয়ত আপুনি ঘৰৰ সকলো মানুহকে স্পষ্ট হোৱাৰ পৰামৰ্শ দিব পাৰে। আপোনাৰ প্ৰেমক নিয়ন্ত্ৰণত ৰাখক ,নহ’লে এই সম্পৰ্কক আপুনি শলঠেকত পেলাব পাৰে। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে। অন্যাকাংক্ষিত উৎসৰ পৰা আজি আপোনালৈ গুৰুত্বপুৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব। আজি আপুনি জীৱন সংগীৰ লগত ৰোমাণ্টিক ভাৱে কটাব পাৰে , এনেকৈ দুয়োজনৰে সম্বন্ধ অধিক শক্তিশালী হব।
মকৰ ৰাশি – আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। আজি আপোনাৰ জীৱন সংগীৰ লগত অৰ্থ সম্বন্ধীও বিষয়ক লৈ কাজিয়া হব পাৰে অৱশ্যে আপোনাৰ শান্ত স্বভাৱে সকলো ঠিক কৰাত আপোনাক বিশেষ সহায় কৰিব। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব , আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোয়ে হব যে কোনটো আগত লোৱা যায়। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ ব্যৱহাৰ আজি আপোনাৰ মন বেয়া কৰি দিব পাৰে। অফিচত কোনোবাই আপোনাক কিছু বঢ়িয়া খবৰ অথবা সংবাদ দিব পাৰে। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ দিনটোত পঢ়াত মনোযোগ বহুৱাত সমস্যাৰ সন্মুখীন হব। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিচত বৰবাদ কৰিব পাৰে। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে।
কুম্ভ ৰাশি – আবেলিৰ সময়ত অলপ আৰাম কৰক। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হব। ঘৰত হোৱা কিছু পৰিৱৰ্তনে আপোনাক ভাবুক বনাব পাৰে, কিন্ত আপুনি আপোনাৰ ভাৱনা পৰিয়ালৰ সন্মুখত প্ৰকাশ কৰাত সফল হব জনে সচাকৈ আপোনাক বুজি পায়। অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান-সন্মান শেষ কৰি দিব পাৰে। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোতে নিজৰ চকু মগজু খুলি ৰাখক ,হব পাৰে যে আপোনাত কিবা কামত এই চিন্তা সমূহ আহিব পাৰে। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে কিন্তু অন্তত আপোনাৰ অনুভৱ হ’ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। আপোনাৰ জীৱন সংগীৰ বাবে আপুনি আজি মানসিক অশান্তিৰ সন্মুখীন হব পাৰে।
মীন ৰাশি – পৰিয়ালত চিকিৎসাৰ খৰচ বাঢ়ি যোৱাটোক আপুনি নেদেখাৰ ভাও জুৰিব নোৱাৰে। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহতেঁ আজি পইচাৰ মূল্য বুজি পাব যেতিয়া সিহতঁক পইচাৰ আৱশ্যকতা হব কিন্তু সিহতঁৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। আজি প্ৰেমৰ জুইত লাহে লাহে কিন্তু অনবৰতে জ্বলি থাকিব। আপোনাৰ কাম আৰু প্ৰাথমিকতাত ধ্যান একাগ্ৰ কৰক। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল’ব। পৰিয়ালৰ সদস্য সমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হব পাৰে ,কিন্তু দিনৰ অন্তত আপোনাৰ জীৱন সংগী আপোনাৰ এই সমস্যা সমূহক অলপ সহজ হোৱাত আপোনাক সহায় কৰিব।
