Tuesday, July 8, 2025
Homeৰাজনৈতিকঅতি শীঘ্ৰে নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰিব গোটাবায়া ৰাজপাক্ষে

অতি শীঘ্ৰে নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰিব গোটাবায়া ৰাজপাক্ষে

ডিজিটেল ডেস্ক ANEWS24X7: অতি সোনকালে নিজ দেশলৈ ঘুৰি যাব শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে । সম্প্ৰতি থাইলেণ্ডত স্ব-নিৰ্বাসনত থকা শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে নিজ দেশলৈ ঘুৰি যাবৰ বাবে মন মেলিছে । শনিবাৰে শ্ৰীলংকাত উপস্থিত হ’ব গোটাবায়া ৰাজপাক্ষে ।

শ্ৰীলংকাৰ এজন জেষ্ঠ প্ৰতিৰক্ষা বিষয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে এই কথা ৷

ইতিমধ্যে গোটাবায়া ৰাজপাক্ষেৰ নিৰাপত্তাৰ বাবে এটা নতুন সুৰক্ষা দল গঠন কৰিছে শ্ৰীলংকা প্ৰশাসনে ৷ দলটোত বিশেষ ভাবে প্ৰশিক্ষণ প্ৰাপ্ত সেনা আৰু আৰক্ষী কামাণ্ডো থাকিব ৷

উল্লেখ্য যে শ্ৰীলংকাৰ অভূতপূৰ্ব অৰ্থনৈতিক সংকটত আৰু প্ৰতিবাদৰ সন্মুখীন হৈ ১৩ জুলাইত শ্ৰীলংকাৰ পৰা পলায়ন কৰিছিল গোটাবায়া ৰাজপাক্ষে ৷ প্ৰথম অৱস্থাত মালদ্বীপ আৰু ছিংগাপুৰত আশ্ৰয় লৈছিল যদিও ১১ আগষ্টৰপৰা থাইলেণ্ডৰ এখন হোটেলত আশ্ৰয় লৈ আছে শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments