ডিজিটেল ডেস্ক, ANEWS24X7: বিশ্বৰ আটাইতকৈ জনসংখ্যা দেশ হিচাপে চীন দেশক কোৱা হৈছিল। কিন্তু এতিয়াৰে পৰা ৰাষ্ট্ৰসংঘৰ কোষৰ শেহতীয়া তথ্য অনুসৰি চীন দেশক পিছ পেলাই শীৰ্ষত ভাৰত। চীন দেশতকৈ ২.৯ নিযুত অধিক লোক ভাৰতত বসবাস কৰে।
ৰাষ্ট্ৰসংঘই জনসংখ্যাৰ তথ্য সংগ্ৰহ কৰি মুকলি কৰিছিল ১৯৫০ চনৰ পিছৰে পৰা। আৰু তেতিয়াৰে পৰাই ৰাষ্ট্ৰসংঘই জনসংখ্যা তথ্য মুকলি কৰি আহিছে। পোন প্ৰথম বাৰৰ বাবে চীন দেশক পিছ পৰিলেই শীৰ্ষত ভাৰত স্থান পাইছে।
ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ “State of World Population Report 2023” ৰ জনগাঁথনিগত তথ্য অনুসৰি ভাৰতৰ জনসংখ্যা ১,৪২৮.৬ মিলিয়ন বা ১,৪২৮৬ বিলিয়ন হোৱাৰ বিপৰীতে চীনৰ জনসংখ্যা ১,৪২৫৭ বিলিয়ন।
ভাৰতৰ জনসংখ্যাৰ সংখ্যা অৱশ্যে এটা অনুমান কাৰণ ২০১১ চনৰ পিছত দেশত কোনো লোকপিয়ল হোৱা নাই।
লগতে ৰাষ্ট্ৰসংঘই কয় যে তেওঁলোকৰ অনুমানত চীনৰ দুটা বিশেষ প্ৰশাসনিক অঞ্চল হংকং আৰু মাকাউ আৰু টাইৱান দ্বীপৰ জনসংখ্যা অন্তৰ্ভুক্ত কৰা হোৱা নাই, যিটো বেইজিঙে এদিন মূল ভূখণ্ডৰ সৈতে একত্ৰিত হ’ব পৰাকৈ বিচ্ছিন্ন প্ৰদেশ হিচাপে ভাবে। কিন্তু টাইৱানে নিজকে চীনৰ মূল ভূখণ্ডৰ পৰা পৃথক বুলি ভাবে, নিজা সংবিধান আৰু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত নেতা আছে।