Friday, November 8, 2024
Homeঅসমসমাধানৰ দিশে অসম-অৰুণাচলৰ সীমা সমস্যা

সমাধানৰ দিশে অসম-অৰুণাচলৰ সীমা সমস্যা

 

 

ডিজিটেল ডেস্ক, A NEWS 24×7 : উত্তৰ-পূৱ ভাৰতৰ এক প্ৰধান সমস্যা অসম-অৰুণাচলৰ সীমা সমস্যা। প্ৰতিবেশী ৰাজ্য দুখনৰ মাজৰ দীৰ্ঘদিনীয়া সীমা বিবাদ মীমাংসাৰ বাবে কেইবালানিও আলোচনা অনুষ্ঠিত হোৱাৰ পাছত সমাধানৰ দিশে বিবাদমান এলেকাৰ সীমা সমস্যা। আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমৃত শ্বাহৰ উপস্থিতিত অসম-অৰুণাচলৰ সীমা সমস্যাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। সমাধান হ’ব কেইবাটাও বিবাদমান এলেকাৰ সীমা সমস্যা।

বৃহস্পতিবাৰে সন্ধিয়া দিল্লীত অনুস্থিত হ’ব অসম-অৰুণাচলৰ সীমা সমস্যাৰ স্বাক্ষৰৰ বৈঠক। বৈঠকৰ পাছতেই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব অসমৰ মুখ্যমন্ত্ৰী আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। অসম অৰুণাচলৰ বিবাদমান অঞ্চলৰ সমস্যা সমাধানৰ বাবে ইতিমধ্যে প্ৰস্তুত হৈছে খচৰা। 

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, দুয়োজন নেতাই ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে তৎপৰ হৈ বিগত বৰ্ষত নামচাইত মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল । ইয়াতে ৰাজ্য দুখনৰ মাজত সীমা সমস্যা সমাধানৰ বাবে কেইবাখনো আঞ্চলিক সমিতি গঠন কৰি দিয়া হৈছিল । আঞ্চলিক সমিতিৰ বৈঠক আৰু কেইবালানী আলোচনাৰ পাছত সম্প্ৰতি সমাধানৰ দিশে অসম-অৰুণাচলৰ সীমা সমস্যা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments