Thursday, November 7, 2024
Homeঅসমভালুকে ল’লে ঠাণ্ডা পানীৰ চাৱাৰ

ভালুকে ল’লে ঠাণ্ডা পানীৰ চাৱাৰ

ডিজিটেল ডেস্ক, ANEWS24X7: দিনক দিনে বৃদ্ধি পাইছে অত্যাধিক গৰম। এই গৰমৰ পৰা হাত সাৰিবলৈ মানুহে ন ন ব্যৱস্থা লয়। কিন্তু বৰ্তমান সময়ত গৰমৰ পৰা সাৰিবলৈ মানুহে বিভিন্ন সঁজুলি বিচনী, ফেন, এয়াৰ কুলাৰ, এ.চি. আদি বজাৰৰ পৰা ক্ৰয় কৰে ।

কিন্তু গৰমৰ পৰা বাচিবলৈ জীৱ–জন্তুৰ গছৰ বতাহৰ বাহিৰে অন্য কোনো ধৰণৰ উপায় নাই। কিন্তু গুৱাহাটীৰ চিৰিয়াখানা কৰ্তৃপক্ষই ল’লে বিশেষ ব্যৱস্থা এই গৰমৰ পৰা জীৱ–জন্তুক ৰক্ষা দিবৰ বাবে । চিৰিয়াখানাৰ জীৱ জন্তু বিলাকক গৰমৰ পৰা পৰিত্ৰাণ দিবৰ বাবে ব্যৱহাৰ কৰিলে ফেন আৰু চাৱাৰ।

গৰমৰ পৰা ৰক্ষা পাবলৈ চিৰিয়াখানা কৰ্তৃপক্ষই জীৱ–জন্তুক ঠাণ্ডা পানীৰ চাৱাৰত গা ধুৱালে লগতে গৰম সহ্য কৰিব নোৱাৰি ভালুকে ঠাণ্ডা পানীৰ চাৱাৰত খেলিছে। তেনেদৰে অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই বাঘক ফেন দিয়াৰ লগতে হৰিণা, গড় আদিৰ কাৰণে পানীৰ হুলাৰ বিশেষ ব্যৱস্থা কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments