ডিজিটেল ডেস্ক, A NEWS 24×7 : অসমৰ এগৰাকী বিদূষী মহিলাৰ নামেৰে অষ্ট্ৰেলিয়াৰ এক প্ৰখ্যাত বিশ্ববিদ্যালয় দ্য ইউনিভাৰচিটী অব নিউ ছাউথ ৱেলছৰ এটা থিয়েটাৰৰ নামকৰণ । এতিয়াৰে পৰা ‘দ্য ইউনিভাৰচিটি অৱ নিউ ছাউথ ৱেলছ’ৰ লেক্সাৰ থিয়েটাৰ G60 (Lecture Theater G06 inside the CLB)ৰ নতুন নাম হ’ব অন্নদা গোহাঁই থিয়েটাৰ।
নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ে ১৭টা ভৱন-থিয়েটাৰৰ নাম সলনি কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১৭গৰাকী বিদূষী মহিলাৰে নামেৰে কৰাৰ সিদ্ধান্ত লয়। যাৰ ভিতৰত অসমৰ আন্নাদা গোহাঁইৰ নামেৰে এখন থিয়েটাৰ নামকৰণ কৰা হয়।
দ্য ইউনিভাৰচিটী অব নিউ ছাউথ ৱেলছৰ স্কুল অৱ কেমিকেল ইঞ্জিনিয়াৰিঙৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল প্ৰয়াত অন্নদা গোহাঁই। ইয়াৰ পিছত তেওঁ ১৯৫৯ চনৰ ১৩ জুলাইত একেখন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। অন্নদা গোঁহাই আছিল গুৱাহাটীৰ খাৰঘূলিৰ বাসিন্দা ৷