ডিজিটেল ডেস্ক, A NEWS 24×7 : উত্তৰ-পূৱ ভাৰতৰ এক প্ৰধান সমস্যা অসম-অৰুণাচলৰ সীমা সমস্যা। প্ৰতিবেশী ৰাজ্য দুখনৰ মাজৰ দীৰ্ঘদিনীয়া সীমা বিবাদ মীমাংসাৰ বাবে কেইবালানিও আলোচনা অনুষ্ঠিত হোৱাৰ পাছত সমাধানৰ দিশে বিবাদমান এলেকাৰ সীমা সমস্যা।
বৃহস্পতিবাৰে নতুন দিল্লীত গৃহমন্ত্ৰী অমৃত শ্বাহৰ উপস্থিতিত অসম-অৰুণাচলৰ সীমা সমস্যাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। উপস্থিত থাকে কেন্দ্ৰীয় চৰকাৰৰ গৃহ সচিব অজয় ভাল্লা৷ ৮৬খন গাঁৱৰ সীমা বিবাদক লৈ সম্পন্ন MoU ৷
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, দুয়োজন নেতাই ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে তৎপৰ হৈ বিগত বৰ্ষত নামচাইত মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল । ইয়াতে ৰাজ্য দুখনৰ মাজত সীমা সমস্যা সমাধানৰ বাবে কেইবাখনো আঞ্চলিক সমিতি গঠন কৰিছিল ।