ডিজিটেল ডেস্ক, ANEWS24X7: অৱশেষত স্বস্তিৰ নিশ্বাস পৰিল মাকুমবাসী । পুৱাৰ পৰা বোমাৰ আতংকত আছিল মাকুম অঞ্চল । তিনিচুকীয়া জিলাৰ মাকুম বাইপাছ পথৰ উৰণীয়া সেতুত উদ্ধাৰ IED । আজি পুৱাৰ ভাগত ভাৰতীয় সেনাৰ তহলদাৰী এটা দলে প্ৰথমে সন্দেহজনক ভাৱে উদ্ধাৰ কৰিছিল IED টো।
জানিব পৰা মতে পুৱাই মাকুম বাইপাছৰ উৰণীয়া সেতুত বোমা থকাৰ খৱৰ পাই ভাৰতীয় সেনা আৰু পুলিচ প্ৰশাসন ঘটনাস্থলীত উপস্থিত হয় । ১ কিলোমিটাৰ দূৰত আঁৰত ৰখা হৈছিল সকলোকে।
আনকি আৰক্ষীকো কাষলৈ যাবলৈ দিয়া হোৱা নাছিল। অৱশেষত ঘটনাস্থলীত বোমা বিশেষজ্ঞ দল উপস্থিতহৈ বোমাটো নিষ্ক্ৰিয় কৰিছে IED টো। কোনে কেনেকৈ কি পৰিকল্পনাৰে সেই স্থানত IED টো থৈ গৈছিল বৰ্তমানললৈকে স্পষ্ট হোৱা নাই।কোনোবা সংগঠনৰ জড়িত আছে নেকি এই বিষয়ে তদন্ত কৰি থকা হৈছে ।