ডিজিটেল ডেস্ক, ANEWS24X7: বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বাথৌফুৰিত আজি পুৱাৰেপৰা এটি বনৰীয়া গৰুৱে ইমূৰৰপৰা সিমূৰলৈ বিচৰণ কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে । জিলাখনৰ বাতাবাৰী বনাঞ্চলৰ পৰা অহা বনৰীয়া গৰুটোৱে জনাঞ্চলত প্ৰৱেশ কৰাত ত্ৰাসৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত ।
ৰাতিপুৱাৰে পৰা বনৰীয়া গৰুটোৰ ভয়ত ভাত-পানী একোকে খাব পৰা নাই অঞ্চলটোৰ ৰাইজে আৰু প্ৰাণৰ মমতাত ঘৰৰ চাদত নিৰাপদ অৱস্থান লৈছে পুৰুষ-মহিলা সকলে । ইফালে বনৰীয়া গৰুটোৱে গিৰিণ গেহৰুৱা নামৰ এগৰাকী বনকৰ্মীক প্ৰচণ্ড খুন্দা মাৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বনকৰ্মী গৰাকী ।
জানিব পৰা মতে তেওঁক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । আনফালে ঘটনাস্থলীত উপস্থিত হৈ বন বিষয়া প্ৰবোধ চন্দ্ৰ ব্ৰহ্ম আৰু বাক্সা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে । মাইকযোগে বন বিভাগে ৰাইজক সতৰ্ক হ’বলৈ আহ্বান জনাইছে আৰু বনৰীয়া গৰুটোক বন চিকিৎসকৰ জৰিয়তে ট্ৰেংকুলাইজ কৰা হ’ব বুলি জানিবলৈ দিয়ে।