ডিজিটেল ডেস্ক, ANEWS24X7:মাজুলীৰ লুহিত খাবলুৰ লুইত নদীৰ পাৰত ২৬ খন গাঁৱৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। জৰাজীৰ্ণ কাঠৰ দলং পকীকৰণৰ দাবীত দুই শতাধিক পুৰুষ-মহিলাৰ প্ৰতিবাদ। কোলাত কেঁচুৱা লৈ প্ৰতিবাদথলীত মহিলা সাব্যস্ত। ঠিকাদাৰ তৰুণ দত্তৰ দূৰ্নীতিত তিনি বছৰতেই জহি খহি নষ্ট হ’ল লুইতৰ ওপৰত নিৰ্মাণ হোৱা কাঠৰ দলং।
মাজুলীৰ লুইত খাবলু সংযোগী পথত লুইত নদীৰ বুকুত নিৰ্মাণ হৈছিল এই দলংখন। লুইত খাবলোবাসীৰ যাতায়াতৰ একমাত্ৰ পথচোৱাৰ এনে দুৰৱস্থাৰ বাবেই এতিয়া জীয়াতু ভুগিব লগা হৈছে ৰাইজে। স্বাস্থ্য, চিকিৎসা, বাণিজ্য সকলো দিশতে এতিয়া চৰম সমস্যাৰ সন্মুখীন হৈছে লুইত খাবলুৰ ২৬খন গাঁৱৰ ৰাইজ। গড়কাপ্তানি বিভাগৰ অধীনত তিনি বছৰ পূৰ্বে লুইতৰ ওপৰত নিৰ্মাণ হৈছিল কাঠৰ দলংখন
নিৰ্মাণত হোৱা ব্যাপক অনিয়মৰ বাবে জহি খহি গ’ল দলং খন। পকী দলং নিৰ্মাণ কৰাৰ দাবীত চৰকাৰ,ঠিকাদাৰ বিৰোধী শ্লগানেৰে ৰাইজৰ প্ৰতিবাদ। আনহাতে মাজুলী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত লুইত ঘাটৰ কাঠৰ দলংখন তৎকালীন মেৰামতি আৰু পথছোৱা পকী কৰণৰ দাবীত অনুসুচিত জাতিযুৱছাত্ৰসন্হাইও প্ৰতিবাদ কৰে।