ডিজিটেল ডেস্ক, anews24x7: শান্তি চুক্তিৰ খচৰাৰ বিৰোধিতা সংযুক্ত মুক্তি বাহিনী অসমৰ সংবাদমেল। শান্তি চুক্তিৰ খচৰাক লৈ অসন্তুষ্টি প্ৰকাশ সংগঠনটোৰ।
যুক্ত মুক্তি বাহিনী অসমে অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ জাতীয় অস্তিত্ব সংকটৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজনৈতিক আৰু সাংবিধানিক সুৰক্ষা, ভূমিৰ অধিকাৰ প্ৰাপ্তিৰ বাবে ২০১১ চনৰ পৰা ভাৰত চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰাখিছে। জাতীয় অভিবৰ্তনে প্রস্তুত কৰি দিয়া দাবী চন্দ বিষয় সমূহক ভিত্তি কৰি সংযুক্ত মুক্তি বাহিনী অসমে বর্তমান আলোচনাৰ এটা নিৰ্দ্দিষ্ট পৰ্য্যায়ত উপনীত হৈছেহি।
এই ত্রিপাক্ষিক আলোচনাৰেই পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰই ৰঙালি বিহুৰ পূৰ্বে আমাক এখন চুক্তিৰ খচৰা অৰ্পণ কৰে। এই খচৰা সন্দৰ্ভত সংযুক্ত মুক্তি বাহিনী অসমৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সমিতিৰ লগতে কৰ্ম পৰিষদৰ সৈতে যৌথ সভাত খচৰাৰ দফা সমূহৰ বিস্তৃত পৰ্য্যালোচনা কৰা হয়। উল্লেখযোগ্য যে, এই খচৰাত অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ বিপন্ন অস্তিত্বক ভৱিষ্যতে ৰাজনৈতিক ও সাংবিধানিক ভাৱে সুৰক্ষিত কৰাৰ নিশ্চিত নিশ্চয়তা উল্লেখ হোৱা নাই।
সেয়েহে সংযুক্ত মুক্তি বাহিনী অসমৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সমিতি ও কর্ম পৰিষদৰ যৌথ সভাই অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সমূহৰ ভৱিষ্যতৰ প্ৰতি গুৰুত্ব দি ৰাজনৈতিক ও সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাত গুৰুত্ব প্ৰদান কৰিবৰ বাবে ভাৰত চৰকাৰৰ প্ৰতি আহ্বান জনায়।
অসমত খিলঞ্জীয়াৰ অধিকাৰ প্ৰতিষ্ঠাৰ ৰাজনৈতিক সমস্যাৰ এক ফলপ্রসু ও সন্মানজনক সমাধান কৰাত কেন্দ্ৰীয় চৰকাৰে অধিক গুৰুত্ব দিব বুলি সংযুক্ত মুক্তি বাহিনী অসমে আশা প্রকাশ কৰে। অসমৰ খিলঞ্জীয়া জনসাধাৰণ আশা-আকাংশা পূৰণৰ প্ৰতি যি মৰ্য্যদা আৰু সন্মান ভাৰত চৰকাৰে প্ৰদৰ্শন কৰি আহিছে তাৰ শলাগ লয় আৰু এই সমস্যাৰ ইতিবাচক পৰিসমাপ্তি নোহোৱালৈকে আলোচনা চলাই যোৱাৰ পোষকতা কৰে।
অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমৰ মাননীয় মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি দলৰ অসমৰ প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় মন্ত্রী, সাংসদ, অসমৰ সকলো বিলাক জাতীয় তথা জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ, ৰাজনৈতিক-সামাজিক নেতৃবৃন্দৰ লগতে বুদ্ধিজীৱী আৰু সচেতন ৰাইজৰ সহযোগিতা কামনা কৰে।