ডিজিটেল ডেস্ক, anews24x7: ভাৰতবৰ্ষৰ প্ৰাক্তন মূখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত ৰঞ্জন গগৈৰ বিৰুদ্ধে এক কৌটি টকাৰ মানহানি গোচৰ তৰিলে এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই।
ৰঞ্জন গগৈৰ আত্মজীৱনীত অভিজিৎ শৰ্মাৰ বিৰূদ্ধে আপত্তিজনক কথা লিখিছিল। দেশৰ প্ৰাক্তন ন্যায়াধীশৰ বিৰুদ্ধে কামৰূপৰ দেৱানী আদালতত ৰুজু হ’ল দুটাকৈ গোচৰ।
প্ৰাক্তন ন্যায়াধীশগৰাকীৰ JUSTICE FOR THE JUDGE গ্ৰন্থখনত আপত্তিজনক কথা লিখাৰ অভিযোগেৰে APWৰ অধ্যক্ষ অভিজিৎ শৰ্মাই ২৬১/২০২৩ নম্বৰত কামৰূপৰ দেৱানী আদালতত ১ কোটি টকাৰ মানহানীৰ গোচৰ তৰিছে।
অকল ইমানেই নহয় JUSTICE FOR THE JUDGE গ্ৰন্থখন নিষিদ্ধ কৰিবলৈও ৪৪৭/২০২৩ নম্বৰত আন এক গোচৰো ৰুজু কৰিছে অভিজিৎ শৰ্মাই ৷ উল্লেখ্য যে, দেশৰ এজন প্ৰাক্তন মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে এনেকৈ গোচৰ ৰুজু কৰাৰ ঘটনা দেশতে বিৰল।