ডিজিটেল ডেস্ক, anews24x7: হাৰিয়ানাত ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা আম্বালাৰ দলৰ সাংসদ ৰতনলাল কটাৰিয়াৰ দেহাৱসান।
দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা আম্বালাৰ পৰা বিজেপিৰ সাংসদ ৰতন লাল কটাৰিয়া (সাংসদ ৰতন লাল কাটাৰিয়া)ৰ মৃত্যু হয়। যোৱা কেইবাদিনো চণ্ডীগড়ৰ পি জি আই হাস্পতালত ভৰ্তি হৈ আছিল ৰতন লাল কটাৰিয়া। বুধবাৰে হাৰিয়ানা বিজেপিৰ প্ৰভাৰী বিপ্লৱ দেৱেও তেওঁক সাক্ষাৎ কৰিবলৈ গৈছিল। বিগত ৫০ বছৰ ধৰি আৰ এছ এছৰ স্বয়ংসেৱক হিচাপে পৰিচিত কাটাৰিয়া হৰিজন কল্যাণ নিগমৰ সভাপতি আৰু গুৰু ৰবিদাস সভাৰ সভাপতিও।
তথ্য অনুসৰি ১৯৫১ চনৰ ১৯ ডিচেম্বৰত হাৰিয়ানাৰ যমুনানগৰ জিলাৰ সন্ধালি গাঁৱত ৰতন লাল কটাৰিয়াৰ জন্ম হৈছিল। তেওঁৰ এগৰাকী কন্যা আৰু দুজন পুত্ৰ আছে। কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত বি এ অনাৰ্ছ আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে এল এল বিও কৰে।
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে বৃহস্পতিবাৰে আম্বালাৰ সাংসদ ৰত্ন লাল কাটাৰিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে
‘ এই মৃত্যু ৰাজনীতিৰ বাবে এক অপূৰণীয় ক্ষতি
তেওঁ সদায় সমাজৰ কল্যাণ আৰু হাৰিয়ানাৰ জনসাধাৰণৰ প্ৰগতিৰ বাবে সংসদত মাত মাতিছিল।
ৰাজনীতিৰ বাবে এক অপূৰণীয় ক্ষতি।ভগৱানে বিদেহী আত্মাক পবিত্ৰ চৰণত স্থান দিয়ক আৰু এই কঠিন সময়ত পৰিয়ালক শক্তি প্ৰদান কৰক। ওম শান্তি ‘