ডিজিটেল ডেস্ক, anews24x7: পশ্চিম বংগ চৰকাৰৰ পৰা ‘জেড কেটেগৰী’ ছিকিউৰিটি লাভ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটৰ সৌৰভ গাংগুলীয়ে।
পূৰ্বতে Y শ্ৰেণীৰ সুৰক্ষাৰ ম্যাদ উকলি যোৱাৰ পিছত এই সিদ্ধান্ত পশ্চিম বংগ চৰকাৰে সৌৰভ গাংগুলীৰ ছিকিউৰিটি কভাৰ ‘জেড কেটেগৰী’ উন্নীত কৰিছে। গাংগুলীয়ে বৰ্তমান নিজৰ দল দিল্লী ডেয়াৰডেভিলছৰ সৈতে যাত্ৰা কৰি আছে আৰু ২১ মে’ত কলকাতালৈ উভতি আহিব।
সেইদিনাৰ পৰাই তেওঁ জেড কেটেগৰীৰ নিৰাপত্তা লাভ কৰিবলৈ আৰম্ভ কৰিব বুলি মন্তব্য কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।