Thursday, November 7, 2024
Homeৰাজনৈতিকসমগ্ৰ বিধানসভা ভৱন চৌহদত ছটিয়ালে গো-মূত্ৰ

সমগ্ৰ বিধানসভা ভৱন চৌহদত ছটিয়ালে গো-মূত্ৰ

ডিজিটেল ডেস্ক, ANEWS24X7: কৰ্ণাটকত নতুন চৰকাৰৰ বিধানসভা অধিৱেশন আৰম্ভ, অধিৱেশনৰ পূৰ্বে গো-মূত্ৰ ছটিয়াই শুদ্ধি কৰা হ’ল বিধানসভা ভৱনৰ চৌহদ।

আজি বেংগালুৰুত কৰ্ণাটক বিধানসভাত কংগ্ৰেছ দলৰ কৰ্মীয়ে গো-মূত্ৰ ছটিয়াই পূজা কৰা বুলি জানিব পৰা গৈছে।

কৌতুহলজনকভাৱে ডি কে শিৱকুমাৰে বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৈছিল যে কংগ্ৰেছে চৰকাৰ গঠন কৰিলেই গোমূত্ৰৰে বিধান সভা বিশুদ্ধ কৰিব।

মন কৰিব যে আজিৰ পৰা আৰম্ভ হৈছে কৰ্ণাটক বিধানসভাৰ প্ৰথমখন অধিৱেশন, ৰাজ্যখনত নতুন কংগ্ৰেছ চৰকাৰ গঠনৰ পিছত।

তিনিদিনৰ বাবে, ২৪ মে’লৈকে অনুষ্ঠিত হ’ব এই অধিবেশন। চলিত অধিৱেশনৰ বাবে কৰ্ণাটক বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ হ’ব জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰভি দেশপাণ্ডে।

কংগ্ৰেছ নেতা সিদ্ধাৰমাইয়াই কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত দলটোৰ থাম্পিং বিজয়ৰ পিছত শনিবাৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

ডি কে শিৱকুমাৰে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বেংগালুৰুৰ শপত গ্ৰহণ অনুষ্ঠানত কৰ্ণাটক কেবিনেটত মন্ত্ৰী হিচাপেও শপত গ্ৰহণ কৰে কংগ্ৰেছৰ ৮ গৰাকী বিধায়কে।

১০ মে’ত ২২৪ জনীয়া কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে ১৩৫খন আসন লাভ কৰি ৬৬খন আসন পোৱা শাসকীয় বিজেপিক উৎখাত কৰাৰ বিপৰীতে ১৩ মে’ত ঘোষণা কৰা ফলাফলত জনতা দলে (ধৰ্মনিৰপেক্ষ) ১৯খন আসন লাভ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments