ডিজিটেল ডেস্ক, anews24x7: ৰাজ্যত আৰম্ভ নতুন ঘৰুৱা বিমানসেৱা । অসম পৰ্যটন বিভাগৰ উদ্যোগত আৰম্ভ হৈছে ঘৰুৱা বিমানসেৱা । আজিৰে পৰা চৰকাৰৰ উদ্যোগত FlyBig নামৰ বিমানসংস্থাৰ জড়িয়তে পুনৰ নতুন কৈ আৰম্ভ হ’ল গুৱাহাটী-শিলচৰ বিমানসেৱা ।
নিতৌ বৰঝাৰ বিমানবন্দৰৰ পৰা পুৱা ৭.৩০ বজাত উৰা মাৰি আকৌ বিয়লি ৮.৩০ বজাত উভতিব বিমানখন । আজি বৰঝাৰ বিমানবন্দৰত অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ফ্লেগ অফ কৰি মুকলি কৰিলে এই ঘৰুৱা সেৱাৰ । উল্লেখ্য যে যোৱা ১ মেত একেদৰে গুৱাহাটী ডিব্ৰুগড় সেৱাও উদ্ধোধন কৰিছিল। আজি বিমানবন্দৰতে এই সেৱা সন্দৰ্ভত সংবাদমেলযোগে সদৰি কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
মুঠ ৭২ জন যাত্ৰী যাব পৰা বিমান খনত আজি প্ৰথম দিনাই ৬৬ জন যাত্ৰীক লৈ শিলচৰ লৈ ৰাওনা হয়।এয়া এক শুভলক্ষণ বুলি ও সংবাদ মেল যোগে প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।এসময়ত পয্যটকে অসমলৈ আহিবলৈ ভয় কৰিছিল কিন্তু এতিয়া সেইবোৰ আঁতৰি এতিয়া শান্তিলৈ ঘূৰি অহাত পৰ্যটক আহিবলৈ ধৰিছে।