ডিজিটেল ডেস্ক, anews24x7: ওড়িশাত আন এক ৰে’ল দুৰ্ঘটনা। বৰগড়ত লাইনচ্যুত এখন ৰে’ল। ৰে’লখনৰ পাঁচটাকৈ ডবা লাইনচ্যুত হয়। অৱশ্যে দুৰ্ঘটনাত পতিত ৰে’লখন যাত্ৰীবাহী ৰে’ল নাছিল । চূণশিল কঢ়িয়াই নিয়া এখন মালবাহী ৰে’ল লাইনচ্যুত হয়। এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বহানগা বজাৰ ষ্টেচনৰ সমীপত এখন মালবাহী ৰে’ল লুপ লাইনত ৰৈ আছিল। সেই সময়তে চেন্নাইৰ পৰা হাওৰালৈ গৈ থকা ১২৮৪১ নম্বৰৰ কৰমণ্ডল এক্সপ্ৰেছখন বহানগা বজাৰ ষ্টেচনৰ ওচৰ পায়। কৰমণ্ডল এক্সপ্ৰেছখন দ্ৰুতবেগত মেইন লাইনেৰে গৈ আছিল।
সেই সময়তে মেইন লাইনৰ পৰা লুপ লাইনত প্ৰৱেশ কৰাৰ ফলত ৰৈ থকা মালবাহী ৰে’লখনত খুন্দা মাৰে। এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে কৰমণ্ডল এক্সপ্ৰেছখনৰ ডবা চিটিকি গৈ তৃতীয় লাইনেৰে গৈ থকা যশৱন্তপুৰ–হাওৰা এক্সপ্ৰেছৰ ডবাত খুন্দা লাগে। বহানগা ষ্টেচনত ৰে’লখনৰ ষ্টপেজ নাছিল।
দুয়োখন ৰে’ল দ্ৰুতগতিত গৈ আছিল। সেই সময়তে দুৰ্ঘটনাৰ ফলত ৰে’লৰ ডবাসমূহ ছেদেলি–ভেদেলি হৈ পৰে। যাৰ ফলত ২৭৫জন লোকৰ মৃত্যু হয়।