Sunday, July 6, 2025
Homeৰাষ্ট্ৰীয়শ্বাহৰুখ খানৰ আমেৰিকা যুক্তৰাষ্ট্ৰত অস্ত্ৰোপচাৰ সম্পন্ন

শ্বাহৰুখ খানৰ আমেৰিকা যুক্তৰাষ্ট্ৰত অস্ত্ৰোপচাৰ সম্পন্ন

ডিজিটেল ডেস্ক, anews24x7: লছ এঞ্জেলছত শ্বুটিং কৰিবলৈ গৈ আহত হৈছিল শ্বাহৰুখ খান। সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ। জানিব পৰা মতে, নাকত আঘাত পাইছে শ্বাহৰুখ খানে।

‘পাঠান’ৰ পিছত আৰু এখন ছবিৰ কামত ব্যস্ত অভিনেতাজন। শ্বুটিঙৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। ততাতৈয়াকৈ অভিনেতাজনক হাস্পতালত ভৰ্তি কৰোৱা হয়। ইয়াৰ পিছত তেওঁ ভাৰতলৈ উভতি আহে। বৰ্তমান সুস্থ কিং খান।

অভিনেতাজনৰ ঘনিষ্ঠ সূত্ৰৰ খবৰ অনুসৰি, শ্বুটিং কৰিবলৈ গৈ নাকত আঘাত পাইছে শ্বাহৰুখ খানে। তেওঁৰ নাকৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰে। কিন্তু খুব গুৰুতৰ আঘাত নহয়। এটা সৰু ছাৰ্জাৰীৰ পিছত বৰ্তমান সুস্থ শ্বাহৰুখ। এই সম্পৰ্কে যদিও শ্বাহৰুখ বা তেওঁৰ টীমে এতিয়ালৈ কোনো মন্তব্য কৰা নাই। কিন্তু ‘বাদশ্বাহ’ৰ অসুস্থতাৰ খবৰ শুনি উদ্বেগ প্ৰকাশ কৰিছে অনুৰাগীসকলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments