ডিজিটেল ডেস্ক ANEWS24X7: সোমবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ল লিজ ট্ৰাছ ৷ ইয়াৰ পিছতে মঙবাৰে ব্ৰিটেইনৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে স্কটলেণ্ডৰ স্কটলেণ্ড বালম’ৰেল পেলেচত ব্ৰিটেইনৰ মহাৰাণী দ্বিতীয় এলিজাবেথক সাক্ষাৎ কৰে ।
সাক্ষাত্কাৰৰ পিছতে ৰাণী দ্বিতীয় এলিজাবেথে নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী লিজ ট্ৰাছক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে আনুষ্ঠানিক ভাবে নিযুক্তি পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে সাধাৰণতে ৰাণী এলিজাবেথে নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰীক বাকিংহাম পেলেচত আনুষ্ঠানিকভাবে নিযুক্তি প্ৰদান কৰে ৷ পিছে এইবাৰ ব্যতিক্ৰম হ’ল এই পৰম্পৰা ৷
এই বাৰ ৰাণী এনিজাবেথ অৱসৰ বিনোদনৰ বাবে স্কটলেণ্ডত থকাৰ বাবে স্কটলেণ্ড বালম’ৰেল পেলেচতে নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী গৰাকীক নিযুক্তি প্ৰদান কৰিছে ৷ এই সন্দৰ্ভত একাংশয়ে ৰাণীৰ অসুস্থতাৰ বাবে আনুষ্ঠানিকতা ভংগ কৰি এনেদৰে নিযুক্তি প্ৰদান কৰিছে বুলি মতপোষণ কৰিছে ৷