ডিজিটেল ডেস্ক, ANEWS24X7: দেশমাতৃলৈ গৌৰৱ কঢ়িয়াছে মাজুলীৰ সন্তান পবিত্ৰ নাথে। মালদ্বীপৰ মালেত অনুষ্ঠিত South Asian Body Building and Physique Sports Championship ত মাজুলীৰ পুৰণিবাৰী গাওঁ নিবাসী মহেন্দ্ৰ নাথ আৰু জ্যোতি নাথৰ সুযোগ্য সন্তান পবিত্ৰ নাথে Up to 175 Cm শাখাত Men Sports Physique ত প্ৰথম স্থান দখল কৰি মাজুলীৰ কমলাবাৰী ঘাটত উপস্থিত হোৱা পবিত্ৰ নাথক ফেৰীৰ পৰা নমাৰ লগে লগেই মাজুলীৰ বিভিন্ন দল-সংগঠন তথা পুৰণিবাৰী গাওঁ বাসীয়ে খেলুৱৈ গৰাকীক ঢোলে-ডগৰেৰে আদৰণি জনায় ।
মাজুলীৰ প্ৰথমটো শৰীৰচৰ্চা কেন্দ্ৰ লিওপাৰ্ডচ ক্লাৱত অষ্টম শ্ৰেণীৰ পৰা শৰীৰ চৰ্চাৰ আদিপাঠ গ্ৰহণ কৰা পবিত্ৰ নাথক বিপুল আদৰণি জনায়।মাজুলীলৈ গৌৰৱ কঢ়িয়াই অনা পবিত্ৰ নাথক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিধায়ক ভুবন গামে পঞ্চাশ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনায়।
বিদেশৰ মাটিত সাতখন দেশৰ খেলুৱৈৰ মাজত দেহশ্ৰী প্ৰতিযোগিতাত ভাগ লৈ শ্ৰেষ্ঠত্ব অৰ্জনেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা পবিত্ৰই গৌৰৱৰ স্বৰ্ণ পদক পিতৃৰ হাতত অৰ্পণ কৰি আৱেগিক হৈ পৰে।গাঁৱৰ পদূলিত উপস্থিত হোৱা সকলোৰে নয়নৰ মণি পবিত্ৰক গাওঁবাসীয়ে গায়ন-বায়ন,আয়তীৰ উৰুলি আৰু মংগল ধ্বনিৰে ঘৰলৈ আদৰি নিয়ে।মাতৃয়ে জেষ্ঠ পুত্ৰ পবিত্ৰৰ সাফল্যত আনন্দৰ চকুলো বুটলি ৰাইজৰ আৰ্শীবাদ বিছাৰে ।