ডিজিটেল ডেস্ক, anews24x7: উত্তৰ প্ৰদেশত শোকাৱহ ঘটনা। ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ ৫জন ভক্তৰ মৃত্যু। আহত আন কেইবাজনো লোক।
উত্তৰ প্ৰদেশৰ মীৰাট জিলাৰ ভৱনপুৰৰ ৰালি চৌহান গাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনাতো।
উল্লেখ্য যে হৰিদ্বাৰৰ পৰা পবিত্ৰ গংগা নদীৰ পৰা পানী লৈ উভটিছিল ভগৱান শিৱৰ ভক্তৰ এটা দল। ভক্তসকল কঢ়িয়াই নিয়া বাহন উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলতে এই কৰুণ ঘটনা।
