Thursday, November 7, 2024
Homeৰাষ্ট্ৰীয়মহাৰাষ্ট্ৰৰ ৰাইগাড ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৬লৈ বৃদ্ধি

মহাৰাষ্ট্ৰৰ ৰাইগাড ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৬লৈ বৃদ্ধি

ডিজিটেল ডেস্ক,ANEWS24X7: মহাৰাষ্ট্ৰৰ ৰায়গদত হোৱা ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৬লৈ বৃদ্ধি। শুকুৰবাৰে পুৱাৰে পৰা পুনৰ সন্ধান আৰম্ভ হৈছে। কিন্তু বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে সকীয়াই দিছে যে শুকুৰবাৰেও এই জিলাখনত ধাৰাসাৰ বৰষুণ হ’ব। ফলত পুনৰ উদ্ধাৰ কামত ব্যাঘাত জন্মাব বুলি প্ৰশাসনে আশংকা কৰিছে।

মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত বিগত কিছুদিন ধৰি ধাৰাসাৰ পৰা অতি ধাৰাসাৰ বৰষুণ হৈ আহিছে। তাৰ ভিতৰত ৰায়গড়ো আছে। বুধবাৰে নিশা প্ৰায় ১১ বজাত জিলাখনৰ ইৰশালৱাড়ী নামৰ এখন জনজাতীয় গাঁৱত ভূমিস্খলন সংঘটিত হয়। এই গাঁৱত ৫০ টা ঘৰ আছে। প্ৰশাসনৰ তথ্য অনুসৰি ভাঙি পৰাৰ তলত ১৭টা ঘৰ পুতি থোৱা হৈছে। মুঠ ২২৮ জন গাঁৱৰ মানুহৰ ভিতৰত ১৬ জনৰ মৃত্যু হয়। ৯৩ জন লোকক উদ্ধাৰ কৰা হৈছে। কিন্তু ৪৮ ঘণ্টাৰ পাছতো ১১৯ জন গাঁৱৰ লোক সন্ধানহীন হৈ আছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এছ ডি আৰ এফে যৌথভাৱে গাঁওবাসীৰ উদ্ধাৰ অভিযান চলাই আছে। ইয়াৰ উপৰিও বহু পৰ্বতাৰোহীয়ে এই উদ্ধাৰ কামত যোগদান কৰিছে। ভূমিস্খলনৰ তলত ৫০ৰ পৰা ১০০ গাঁওবাসী পুতি থ’ব পাৰে বুলি আশংকা কৰিছে স্থানীয় প্ৰশাসনে। অৱশ্যে সঠিক সংখ্যা এতিয়াও স্পষ্ট হোৱা নাই বুলি তেওঁলোকে জানিবলৈ দিয়ে।

বুধবাৰে সংঘটিত ঘটনাৰ পিছৰে পৰা উদ্ধাৰ অভিযান অব্যাহত আছে। কিন্তু জিলাখনত বৰষুণৰ বাবে উদ্ধাৰৰ কাম কেতিয়াবা বন্ধ হৈ পৰে। ধাৰাসাৰ বৰষুণৰ বাবে আৰু অধিক ভূমিস্খলনৰ আশংকা বৃদ্ধি পোৱা বুলি উদ্ধাৰকাৰীয়ে জনাইছে। ফলত উদ্ধাৰ অভিযান ব্যাহত হৈ পৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি নিহতসকলৰ ভিতৰত চাৰিটা শিশুও আছে। এবছৰৰ পৰা চাৰি বছৰ বয়সৰ সকল। গাঁওখনত কোনো পকী পথ নথকাৰ বাবে ভূমিস্খলন আঁতৰোৱা সঁজুলিসমূহ অঞ্চলটোত সুমুৱাব পৰা নাই। ফলত হাতে হাত ধৰি উদ্ধাৰৰ কাম চলি আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments