ডিজিটেল ডেস্ক, anews24x7: উত্তৰ প্ৰদেশৰ আলিগড়ত একেদিনাই সংঘটিত দুটাকৈ দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে, আগ্ৰা দিল্লী এক্সপ্ৰেছৱেত ৰখাই থোৱা দুখন গাড়ীত এখন বাছে খুন্দা মাৰে। চাৰিজন লোকৰ মৃত্যু। আন এক দুৰ্ঘটনাত আৰু তিনিজন লোকৰ মৃত্যু।
আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা আগ্ৰাৰ পৰা আহিছিল বাছখন। তীব্ৰ বেগত দৌৰি এক্সপ্ৰেছৱেত থিয় হৈ থকা দুখন গাড়ীত খুন্দা মাৰে। সেই দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হয়। আৰক্ষীৰ তথ্য অনুসৰি নিহতসকলৰ ভিতৰত দুজন ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী। কোম্পানীটোৱে নয়ডাত নিৰ্মাণৰ কাম চলি থকা জেৱাৰ বিমানবন্দৰৰ কাম কৰি আছে। এই ঘটনাত আৰু চাৰিজন লোক আহত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
দ্বিতীয়টো দুৰ্ঘটনা সংঘটিত হয় গোণ্ডাৰ সমীপত। সোমবাৰে পুৱা পদপথত দৌৰিছিল পাঁচজন যুৱক। সেনা নিযুক্তি পৰীক্ষাত অংশগ্ৰহণ কৰাৰ কথা আছিল। এখন গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকক খুন্দা মাৰে। থিতাতে মৃত্যু হয় তিনিজন লোকৰ। আৰক্ষীয়ে জনোৱা মতে, গুৰুতৰভাৱে আহত দুজন লোক। জৱাহৰলাল নেহৰু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।