ডিজিটেল ডেস্ক ANEWS24X7: বুধবাৰৰ পৰা ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰিছে ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ ৰাহুল গান্ধীৰ এই ‘ভাৰত জোড়ো যাত্ৰা’ক তীব্ৰ সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
কংগ্ৰেছৰ ভাৰত জোৰো কাৰ্যসূচীক কমেডী আখ্যা দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰী শৰ্মায় কয় যে , ‘‘ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ, শিলচৰৰ পৰা গুজৰাটলৈ দেশ ঐক্য হৈ আছে ৷ ৰাহুল গান্ধীয়ে যদি দেশখন এক কৰিব বিচাৰিছে তেন্তে পাকিস্তান আৰু বাংলাদেশত গৈ ‘ভাৰত জোড়ো যাত্ৰা’ কৰক ৷ পাকিস্তান আৰু বাংলাদেশহে ভাৰতৰ পৰা বিভাজন হৈ গৈছে ৷ ১৯৪৭ত দেশ বিভাজন কৰা কংগ্ৰেছে এই যাত্ৰা ভাৰতত কৰাৰ প্ৰয়োজন নাই । দেশ বিভাজনৰ সিদ্ধান্ত লোৱা কংগ্ৰেছে পূৰ্বৰ ভুলৰ বাবে ক্ষমা খোজা উচিত।’’