Tuesday, July 8, 2025
Homeঅসমনিমাতীঘাটত ফেৰীত সোমাল হুৰাহুৰে পানী, যাত্ৰী সকলৰ মাজত হাহাকাৰ

নিমাতীঘাটত ফেৰীত সোমাল হুৰাহুৰে পানী, যাত্ৰী সকলৰ মাজত হাহাকাৰ

ডিজিটেল ডেস্ক ANEWS24X7: যোৰহাটৰ নিমাতীঘাটত বুধবাৰে সংঘটিত হৈছে এক হাহাকাৰ পৰিস্থিতি । নিমাতিৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ কঢ়িয়াই নিয়া এছ বি জলতৰী নামৰ ফেৰীখনত হঠাৎ লাগিল হুৱা-দুৱা । যাত্ৰীবাহী ফেৰিখন নিমাতীঘাটৰ পৰা মাজুলীলৈ ৰাওনা হ’বলৈ সাজু হওঁতেই প্ৰস্ৰাৱগাৰেৰে ফেৰী খনৰ ভিতৰত হুৰাহুৰে পানী সোমায় ।

ফেৰীখনৰ প্ৰসাৰগাৰৰে পানী সোমাই অহা দেখা পোৱাৰ লগে লগে যাত্ৰী সকলৰ মাজত এক আতংকময় পৰিস্তিতিৰ সৃষ্টি হয় । এই ঘটনা প্ৰত্যক্ষ কৰাৰ পিছত যাত্ৰী সকলক ততাতয়াকৈ ফেৰীখনৰ পৰা নমাই অনা হয় । পৰৱৰ্তী সময়ত যাত্ৰী সকলক বেলেগ এখন ফেৰীৰে মাজুলিলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয় । ফেৰীখনত ৮০  জন যাত্ৰী সহ পহু পৰিমাণৰ সামগ্ৰী আছিল ।

উল্লেখ্য যে , নিমাতি ঘাটত সংঘটিত হোৱা ভয়াবহ ফেৰি দুৰ্ঘটনাটো অহাকালিলৈ এবছৰ সম্পূৰ্ন হ’ব ।ইয়াৰ এদিন পূৰ্বে নে এটা পৰিস্তিতিৰ সন্মুখীন হোৱাকলৈ যাত্ৰী সকলৰ মাজত আতংকৰ সৃ্‌ষ্টি হৈছে । যাত্ৰী সকলৰ ততপৰতাত এক নিশ্চিত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে যাত্ৰী সকল ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments