Wednesday, March 11, 2026
Homeঅসমচৰকাৰী বন্ধৰ তাৰিখ সালসলনি ৰাজ্য চৰকাৰৰ

চৰকাৰী বন্ধৰ তাৰিখ সালসলনি ৰাজ্য চৰকাৰৰ

ডিজিটেল ডেস্ক, anews24x7: চৰকাৰী বন্ধৰ তাৰিখ সালসলনি ৰাজ্য চৰকাৰৰ। শ্ৰীমন্ত শংকৰদেৱৰ তিথিৰ বন্ধৰ তাৰিখ সলনি। শংকৰদেৱৰ তিথি ১৮ আগষ্টৰ পৰিৱৰ্তে বন্ধ থাকিব ১৬ ছেপ্টেম্বৰত। শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথিৰো বন্ধৰ তাৰিখ সলনি। ২৫ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ২৪ ছেপ্টেম্বৰত থাকিব বন্ধ। ২৭ আগষ্টৰ পৰিৱৰ্তে কৰম পূজাৰ বন্ধ থাকিব ২৫ ছেপ্টেম্বৰত।

শংকৰদেৱৰ মৃত্যু ভাদ মাহত হৈছিল, সেয়েহে এইবাৰ ভাদ মাহ পিছুৱাৰ বাবে আগষ্টৰ সলনি ছেপ্তেম্বৰত এই তিথি পৰিব। চৰকাৰে ১৮ আগষ্টৰ সলনি ১৬ ছেপ্তেম্বৰত এই বন্ধ ঘোষণা কৰিছে। ইফালে, ১৮ আগষ্টত শাওণ মাহ অব্যাহত থাকিব আৰু শাওণত যিহেতু এই তিথি নপৰে, সেয়েহে এই সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰোপৰি, কৰম পূজাৰ (Karam Puja) বন্ধৰ দিনো সলনি কৰি ২৭ আগষ্টৰ পৰিৱৰ্তে ২৫ ছেপ্তেম্বৰ কৰা হৈছে। ভাস্কৰাব্দ অনুসৰি,  ৯ ভাদৰ সলনি ৭ আহিনত কৰম পূজাৰ বন্ধ পিছুৱাই দিয়া হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments