বিনীত ঝা, বিশ্বনাথ চাৰিআলি: আজি বিহালীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ গৃহ পঞ্চায়ত খৰাশিমলুত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ দুজনকৈ মন্ত্ৰী আৰু বিধায়কে।বিহালীৰ খৰাশিমলুত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,মন্ত্ৰী পিযুছ হাজৰিকা,মৰান সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকু্ৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ উপস্হিতিত অনুষ্ঠিত হয় এই নিৰ্বাচনী প্ৰচাৰ সভা।
বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আচনি সমূহ ভাষনৰ জৰিয়তে ভোটাৰ ৰাইজক দাঙি ধৰি বিজেপি প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয়যুক্ত কৰাবলৈ আহবান জনাই।আনফালে কংগ্ৰেছ সাংসদ গৌৰব গগৈয়ে কৈছিল যোৰহাটৰ পৰা বিজেপিৰ পতন আৰম্ভ হৈছিল আৰু বিহালীৰ ৰাইজে বিজেপিৰ এই পতনত ছীল মোহৰ মাৰিব।এই মন্তব্য বিৰুদ্ধে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰত্যুত্তৰত জয়ন্ত বৰাক শুভেচ্ছা জনাই আৰু গৌৰৱ গগৈক তিনিটা প্ৰশ্ন সুধিবলৈ কয়।
গৌৰৱ গগৈক পবিত্ৰ মাৰ্ঘেৰিটাই ১১ ডাঙৰ নে ৩ ডাঙৰ।
দেশত ছোনিয়া গান্ধী, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নে নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী।
বিধান সভাত থকা আসনৰ সংখ্যা ৯৪ ডাঙৰ নে ২৯ ডাঙৰ।
এই তিনিটা প্ৰশ্ন সুধিলেই গৌৰব গগৈৰ ওফাইদাং মৰা কথা ওলাই পৰিব বুলি মন্তব্য কৰে।
