Friday, March 13, 2026
Homeঅসমআম গছত কঠাঁল কেতিয়াও নালাগে: প্ৰশান্ত ফুকন

আম গছত কঠাঁল কেতিয়াও নালাগে: প্ৰশান্ত ফুকন

ডিজিটেল ডেস্ক, ২নৱেম্বৰ: চামগুৰিস্থিত বিজেপিৰ মূল কাৰ্যালয়ত কেইবাজনো বিধায়ক আৰু কেইবাজনো মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হৈছে মিত্ৰজোটৰ এখন বৈঠক। উপনিৰ্বাচনত চামগুৰি সমষ্টিৰ বাবে মিত্ৰজোটৰ ৰণনীতি কেনেধৰণৰ সেই সন্দৰ্ভত আলোচনাত মিলিত হৈছে দুয়ো দলৰ নেতা-কৰ্মীবৃন্দ।
ইতিমধ্যেই সভাত উপস্থিত কেশৱ মহন্ত, বিমল বৰা, প্ৰশান্ত ফুকন, পৰমানন্দ ৰাজবংশী, বিশ্বজিৎ ফুকন, হেমাঙ্গ ঠাকুৰীয়া, মণিমাধৱ মহন্ত।

মন্ত্ৰী কেশৱ মহন্ত আত্মবিশ্বাসী চামগুৰিত বহু ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ জয় নিশ্চিত,চামগুৰিত সংখ্যালঘু লোক সকলে বিজেপিৰ প্ৰাৰ্থী গৰাকীক সক্ৰিয় ভাৱে সহমত আগবঢ়াইছে গতিকে জয় নিশ্চিত বুলি মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ।

চামগুৰি সমষ্টিত ৭০০০ৰো অধিক ভোটত জয় লাভ কৰিব দিপ্লুৰঞ্জন শৰ্মাই,চামগুৰিবাসী ৰাইজে তিতা বহুত খালে,এইবাৰ মিঠা খাব বিছাৰিছেঃপ্ৰশান্ত ফুকন


স্বাধীনতা কালৰে পৰা কংগ্ৰেছ এটা গাড্ডাৰ দল,আম গছত কঠাঁল কেতিয়াও নালাগে,উপৰিপুৰুষ সকলে যদি গাড্ডাৰ কৰি আহিছে যেতিয়া পাছৰ পুৰুষ সকলো গাড্ডাৰে হ’ব,অখিল গগৈয়ে দেৰিকৈ বুজি পালেঃঅখিল গগৈয়ে গৌৰৱ গগৈৰ মাজত হোৱা মতানৈক্যক লৈ মন্তব্য প্ৰশান্ত ফুকনৰ।

বাঁহ ফালিলে কেতিয়াও জোৰা নালাগে,তাৰে প্ৰমান বিৰোধী ঐক্য মঞ্চ,জন্ম হৈয়ে বিকলাংগ হ’ল আৰু এবছৰৰ পাছত মৃত্যু হ’লঃপ্ৰশান্ত ফুকন

বিহালীত সাংসদ ৰঞ্জিত দত্তই যিমান ভোট পাইছিল,তাতকৈ বেছি ভোট দিগন্ত ঘোটোৱাই বেছি ভোট পাবঃ হেমাংগ ঠাকুৰীয়া

চামগুৰিবাসী ৰাইজ V/S ৰকিবুলৰ মাজত হৈছে নিৰ্বাচনঃহেমাংগ ঠাকুৰীয়া

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments