ডিজিটেল ডেস্ক, ৭নৱেম্বৰ:ভাৰত আৰু আয়োজক দেশ দক্ষিণ আফ্ৰিকাৰ মাজত বহু প্ৰত্যাশিত ৪ খন মেচৰ টি-20 শৃংখলাটো শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ৷ শৃংখলাৰ পৰৱৰ্তী মেচসমূহ ১০, ১৩ আৰু ১৫ নৱেম্বৰত অনুষ্ঠিত হ’ব ।
ভাৰতে এই টি 20 মেচৰ শৃংখলাটোত নিজৰ প্ৰদৰ্শন বজাই ৰখাৰ চেষ্টা চলাব ৷ আনহাতে, দক্ষিণ আফ্ৰিকাই শৃংখলাটো দখল কৰিবলৈ বিচাৰিব ৷
ভাৰত – দক্ষিণ আফ্ৰিকাৰ মুখামুখি
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত থকা টি-20 অভিলেখৰ কথা ক’বলৈ হ’লে দুয়োখন দেশে টি-20 মেচত এতিয়ালৈকে ২৭ বাৰ মুখামুখি হৈছে ৷ য’ত ভাৰতে ১৫ খন মেচ জয়ী হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই জয় লাভ কৰিছে ১১ খন মেচত ৷আগন্তুক টি-২০ শৃংখলাটোত মুখ্য প্ৰশিক্ষক ভি ভি এছ লক্ষ্মণৰ নেতৃত্বত টীম ইণ্ডিয়াই লাভ কৰিব এক নতুন ৰূপ ৷
ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-20 শৃংখলাটো কেতিয়া আৰম্ভ হ’ব ?
৪ খন মেচৰ টি-20 শৃংখলাটো ৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ।
ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ প্ৰথম, তৃতীয় আৰু চতুৰ্থ টি-20 ৰ মেচৰ সময় হৈছে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮.৩০ বজাত ।
Sports18 – 1 SD & HD আৰু Colors Cineplex SD & HD ত এই শৃংখলাৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব ৷ক্ৰিকেট অনুৰাগীসকলে জিঅ’ চিনেমা এপ্লিকেচন আৰু ৱেবছাইটত বিনামূলীয়াকৈ ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-20 খেলখনৰ লাইভ ষ্ট্ৰীমিং উপভোগ কৰিব পাৰে ।