Saturday, July 5, 2025
Homeঅসমকৃষ্ণ বন্দনাত মুখৰিত হ'ব শৰৎসনা জোনাকৰ  নিশা

কৃষ্ণ বন্দনাত মুখৰিত হ’ব শৰৎসনা জোনাকৰ  নিশা

ডিজিটেল ডেস্ক, ১৩নৱেম্বৰ: মাজুলীত এজাক শিশুৰ প্ৰাণোচ্ছল ব্যস্ততা, কৃষ্ণ বন্দনাত মুখৰিত হ’ব শৰৎসনা জোনাকৰ  নিশা… ।

মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাজত মাথোঁ এটা দিন বাকী । তেনে অৱস্থাত এতিয়া ব্যস্ততা বাঢ়িছে মাজুলীবাসীৰ । লাখ লাখ ৰাস দর্শনাৰ্থীক আদৰিবলৈ সাজু মাজুলিবাসী ।

অক, বক, কেশী, পুতনা, কংসক বধিবলৈ সাজু মাজুলীৰ শিল্পী ৷ বান-বাৰিষাৰ দুখ-দুৰ্ভাৱনাক পাহৰি এতিয়া মাজুলীৰ সকলো ব্যস্ত শাৰদীয় ৰাসোৎসৱত । খোল-তাল-বাঁহীৰ সুৰৰ লগতে ৰাস-সংগীতৰ মধুৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ-বতাহ ।

মাজুলীত এই উৎসৱৰ বতৰত আগমন ঘটিছে বহু দেশী-বিদেশী পৰ্যটকৰ । মাজুলীত পালন কৰা উৎসৱসমূহৰ ভিতৰত প্ৰধান উৎসৱেই হৈছে এই ৰাস মহোৎসৱ । শিশু কৃষ্ণৰ জন্মলীলাৰ লগতে সম্পূৰ্ণ ৰাসৰ আখৰা চলিছে সত্ৰনগৰী মাজুলীত ।

লক্ষ্মী পূৰ্ণিমাৰ দিনা মাজুলীত ৰাসৰ নাটক মেলা আৰম্ভ হয় । সেইদিনাৰ পৰাই ৰাসৰ আখৰা আৰম্ভ হয় । অসমৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ মাজুলীৰ মাধৱদেৱ কৃষ্টি কেন্দ্ৰ খোনাচুক গাঁৱত চলিছে দুপৰনিশালৈ ৰাসৰ আখৰাৰ । ইয়াৰ লগতে এজাক প্ৰাণোচ্ছল শিশু ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments