ডিজিটেল ডেস্ক, ১৫নৱেম্বৰ: বৈদূৰ্য বৰুৱাৰ উপন্যাসৰ অন্যতম চৰিত্ৰ চেণ্টুদা আৰু নাই। জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল চেণ্টুদা। তিনিচুকীয়াত অতি জনপ্ৰিয় চেণ্টুদাৰ চাহ-পুৰীৰ দোকান। তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ চেণ্টুদাৰ।ৰক্তহীনতা, হাপানিকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল চেণ্টু দা।
জনপ্ৰিয় আলোচনী পাত লুটিয়ালে প্ৰতিগৰাকী পাঠকৰ মনলৈ আহিছিল চেণ্টুদাৰ কথা। কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণ ঘটাই অনন্য সৃষ্টি আছিল চেণ্টু দা
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ। ‘জনপ্ৰিয় আলোচনী ‘বিস্ময়’ৰ এটি স্মৰণীয় চৰিত্ৰ ‘চেণ্টুদা’ৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। আমাৰ মন গহনত ৰৈ যোৱা এটা জীৱন্ত চৰিত্ৰ চেণ্টুদাৰ স্মৃতি সজীৱ হৈ থাকিব। তেখেতৰ শোকাকুল পৰিয়ালবৰ্গলৈ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ওঁম শান্তি’