ডিজিটেল ডেস্ক,ANEWS24x7: বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ আয়জি ৯৬সংখ্যক ওপজা দিন । ৰাজ্যৰ বিভিন্ন স্থানত ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ ৯৬সংখ্যক ওপজা দিনটো পালনৰ বাবে আয়োজন কৰা হৈছে ৷
ৰাজ্য চৰকাৰেও জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত পালন কৰিব ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মদিন।
অসম চৰকাৰে ভূপেনদাৰ জন্মদিন উপলক্ষে আয়োজন কৰিছে এক বিশেষ কাৰ্যসূচীৰ । দুপৰীয়া ১.৩০ বজাৰ পৰা জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ।
আনহাতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়াকৈ কেন্দ্ৰীয়ভাৱে তেওঁৰ ওপজা দিনৰ আয়োজন কৰিছে৷