কলিয়াবৰত জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সমাপ্তি।
জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত ‘গ্ৰীণ আছিয়ান’ পেলেচত অনুষ্ঠিত অধিৱেশনত ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
সভাত জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ সভাপতি চেমিমা চুলতানাই সভাপতিত্ব কৰে।
অনুষ্ঠিত সভাত সম্পাদক ধনজিং কুমাৰ দাসে বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে।
অধিৱেশনত সাংবাদিকসকলৰ পেছাগত দায়িত্ব,অধিকাৰ আৰু সমস্যাৰ বিষয়ে আলোচনা কৰাৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সাংবাদিকৰ সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হয়।
জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ পৰিসৰ বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত প্ৰতি গৰাকী সদস্যৰ যথেষ্ট কৰণীয় আছে বুলিও সভানেত্ৰী গৰাকীয়ে মত ব্যক্ত কৰে।
জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ নতুন সমিতি গঠন ও দায়িত্ব অৰ্পণৰ পাছতে অনুষ্ঠানৰ সফল সমাপ্তি ঘটে।
জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশনত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসাম: কলিয়াবৰ জিলা সমিতিৰ সভাপতি অসমৰ জ্যেষ্ঠ সাংবাদিক গোলাপ চন্দ্ৰ শইকীয়া ডাঙৰীয়া।
আনহাতে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অসমৰ কেন্দ্ৰীয় সমিতিৰ সহঃ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে গৌতম কুমাৰ বৰা।
