উজ্জ্বল জ্যোতি ডেকা, মঙলদৈ: মঙলদৈত পুনৰ এঘৰীয়া কৰা হল ১৬ টা পৰিয়ালক।
# শ্মশান নিৰ্মাণত বাধা দিয়াৰ বাবেই মঙলদৈ গধীয়াপাৰাৰ ১৬ টা পৰিয়াল হল এঘৰীয়া।
# এঘৰীয়া হোৱাৰ পৰা বাছি নগল মুক্তিযুঁজাৰুৰ পৰিয়াল।
মঙলদৈ গধীয়াপাৰা গাঁও খনত পথৰ দাঁতিতে এখন শ্মশান নিৰ্মান কৰাত একাংশ গাওঁ বাসীয়ে বাধা প্ৰদান কৰিছিল।
এতিয়া বাধা দিয়াৰ ফল ভোগ কৰিব লগা হৈছে এঘৰীয়া হৈ।
উল্লেখ্য যে গধীয়াপাৰা গাওঁৰ প্ৰায় ২০০ পৰিয়ালৰ বাবে চৰকাৰে এখন শ্মশান নিৰ্মান কৰাৰ বাবে ধন আৱন্তন দিছিল।
সেই শ্মশান নিৰ্মান কৰাৰ বাবে গাওঁ খনত যথেষ্ট ঠাই আছিল যদিও কেইগৰাকীমান মুখীয়ালে শ্মশান খন পথৰ দাঁতিতে স্থাপন কৰাৰ পোষকতা কৰি ডেৰ কথা মাটি অৱন্তন লয়।
একাংশ ৰাইজৰ দাবী, সেই স্থানত শ্মশান হলে সেই পথেৰে যোৱা ছাত্র ছাত্রীকে ধৰি ৰাইজৰ বাবে এক জয়াল পৰিবেশৰ সৃষ্টি হব। লগতে উত্তৰ মঙলদৈ বিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলৰ বাবেও অসুবিধাৰ সৃষ্টি হব। সেয়ে পূৰ্বৰ পৰা থকা দুখন শ্মশানৰ অন্তত এখনত উন্নত প্ৰযুক্তিৰে নিৰ্মান কৰিলে ৰাইজৰ সুবিধা হব।
একাংশ লোকে এইখিনি কথা কোৱাৰ বাবেই গাঁওখনৰ মুখিয়াল কেইগৰাকীয়ে মুক্তিযুঁজাৰু নিধিৰাম চহৰীয়াৰ পৰিয়াল সহ গাঁওখনৰ ১৬ টা পৰিয়ালক এঘৰীয়া কৰি ৰাখিছে।
এনে পৰিস্থিতিত জিলা প্ৰশাসনৰ ভূমিকাও সন্দেহৰ অৱৰ্তত বুলি ৰাইজে দাবী কৰিছে।
সেয়েহে এই শ্মশান খন নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে একাংশ ৰাইজে।