ডিজিটেল ডেস্ক, ২৬জানুৱাৰী: অসম কেশৰীৰ কবিতাৰ পংক্তিৰে গণৰাজ্য দিৱসক দেশৰ উন্নয়নৰ অংশীদাৰ হ’বলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি আজিৰ দিনটো ডিব্ৰুগড়ৰ বাবে ঐতিহাসিক আখ্যা মুখ্যমন্ত্ৰীৰ।
পোন প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত কেন্দ্ৰীয় গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰীয়ে । ডিব্ৰুগড়ৰ খনিকৰ ৰিৰ্জাভ ফিল্ডত পতাকা উত্তোলন মুখ্যমন্ত্ৰীগৰাকীৰ ।
পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে, ঐতিহাসিক ডিব্ৰুগড়ৰ বাবে ঐতিহাসিক দিন। এই ঐতিহাসিক দিনটোত মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰা বুলি মন্তব্য প্ৰদান কৰে ।
গুৱাহাটীৰ পিছত ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰক দ্ৰুত নগৰীকৰণৰ কাম আৰম্ভ হ’ব। অহা তিনি বছৰত ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্ব দিয়া হৈছে । ডিব্ৰুগড়ৰত সচিবালয় নিৰ্মাণেই নহয়,ইয়াৰ লগে লগে ডিব্ৰুগড়ত নিয়মিতভাৱে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন।: অহা বৰ্ষৰ ২৫ জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ স্থায়ী ভৱনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ ।
বসুন্ধৰা আঁচনি পুনৰ ১৫ ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে বুলি ঘোষনা ।
