Thursday, March 12, 2026
Homeঅসম৪ দিন একেৰাহে জ্বলিব ২০০টা চৌকা

৪ দিন একেৰাহে জ্বলিব ২০০টা চৌকা

ডিজিটেল ডেস্ক, ৭ফেব্ৰুৱাৰী: কৃষ্ণ বন্দনাৰে মুখৰ যোৰহাটৰ ম’হবন্ধাৰ এৰালতলী পথাৰ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ সমাগম হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱ, আইমাতৃৰ৷উত্তৰ পূৱাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন। লাখ লাখ ভকতৰ সমাগম ঘটিছে যোৰহাট ম’হবন্ধাৰ এৰালতলি পথাৰৰ বৈষৱ পণ্ডিত সোনাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰলৈ।

বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই অধিৱেশন৷ অগ্নিগড়ৰ আৰ্হিৰে সজোৱা হৈছে মূল তোৰণ ভাগ।আজি দ্বিতীয় দিনাও হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ বতাহ।ভকত-বৈষ্ণৱে গিজগিজাইছে ম’হবন্ধাৰ এৰালতলী পথাৰ।

ভকতক শুশ্ৰূষা কৰিছে সেৱা বাহিনীয়ে,আতকধুনীয়াকৈ সজাই তুলিছে শিৱিৰ সমূহ।যেন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিনত হৈছে যোৰহাট ম’হবন্ধাৰ এৰালতলি পথাৰৰ বৈষৱ পণ্ডিত সোনাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ।দিনে–ৰাতিয়ে এতিয়া সেৱা আগবঢ়াইছে ২০ হাজাৰ সেৱা বাহিনীৰ সেৱক–সেৱিকাই। মুখত কৃষ্ণ নাম লৈ তেওঁলোক প্ৰতিজনেই ব্যস্ত ভকতৰ শুশ্ৰূষাত। হিলদল ভাঙি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰলৈ আহিছে ভকত-বৈষ্ণৱ৷৪ দিন একেৰাহে জ্বলিব ২০০টা চৌকা। প্ৰতিদিনে এবাৰত অন্ন গ্ৰহণ কৰিব ১০হাজাৰ ভক্তই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ভোজনালয়ৰ দৃশ্য দেখিলে আপুনিও হ’ব হতবাক। চৌদিশে এতিয়া গুঞ্জৰিত হৈছে কেৱল হৰিনামৰ ধ্বনি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments