Thursday, March 12, 2026
Homeঅসমবিটিআৰৰ শাসনৰ নেতৃত্বত থাকিব বিজেপি

বিটিআৰৰ শাসনৰ নেতৃত্বত থাকিব বিজেপি

ডিজিটেল ডেস্ক, ৭ফেব্ৰুৱাৰী: বিটিচিৰ দখলৰ বাবে ইউপিপিএল আৰু বিপিএফে ব্যাপক ৰণ কৌশল গ্ৰহণ কৰি থকাৰ সময়তে
গোৰেশ্বৰ আঞ্চলিক ৰাস সমিতিৰ স্থায়ী হৰি মন্দিৰ নিৰ্মাণ কাৰ্যৰ ভূমি পূজন আৰু শিলান্যাসেৰে শুভাৰম্ভণি কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত এই দাবী কৰে ভৱেশ কলিতাই। মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্ব আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সুনেতৃত্বত কোকৰাঝাৰত অসমৰ এক ইতিহাস ৰচনা হবলৈ গৈ আছে।

আমি সকলোৱে সেই দিনটো উপভোগ কৰিবলৈ ৰৈ আছো আৰু সেই দিনা বিটিআৰৰ বাবেই নহয় সমগ্ৰ অসমৰ বাবে এক মেচেজ যাব। বিধায়ক কলিতাই লগতে কয়-বিটিআৰৰ নিৰ্বাচনত বিজেপিৰ কি স্থিতি হ’ব সেয়া মুখ্যমন্ত্ৰী আৰু অসম ৰাজ্যিক বিজেপিৰ সভাপতিয়ে সিদ্ধান্ত ল’ব। কিন্তু বিটিআৰৰ শাসন এইবাৰ বিজেপিৰ নেতৃত্বত থাকিব।

বিধায়ক কলিতাই দিল্লীৰ বিধানসভা নিৰ্বাচনতো বিজেপিয়েই শেষ হাঁহি মাৰিব বুলি মন্তব্য কৰে। ইফালে ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদৰ পৰা আতঁৰি অহা ভৱেশ কলিতাক অসম মন্ত্ৰী সভাত গুৰুত্বপূৰ্ণ দিয়া হ’ব ছ’চিয়েল মিডিয়াত চৰ্চা চলি থকা সন্দৰ্ভত বিধায়ক কলিতাই কয়- মই একো নাজানো। বৰ্তমান মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments