Thursday, March 12, 2026
Homeঅসমলক্ষাধিক লোকৰ সমাগমেৰে বৰ্ণিল শোভাযাত্ৰা বাহিৰ

লক্ষাধিক লোকৰ সমাগমেৰে বৰ্ণিল শোভাযাত্ৰা বাহিৰ

যোৰহাট মহবন্ধাৰ এৰালতলি পথাৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয়টো দিন/লক্ষাধিক লোকৰ সমাগমেৰে বৰ্ণিল শোভাযাত্ৰা বাহিৰ

দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ’ল যোৰহাট মহবন্ধাৰ এৰালতলি পথাৰ।আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ তৃতীয়টো দিন।পুৱাই পতাকা উত্তোলনৰ পাছতেই এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা ওলিওৱা হয়।শোভযাত্ৰাত প্ৰদৰ্শন কৰে ভাগৱত,নামঘৰ,মৎস্য,হাতী,ময়ুৰ,ৰথ,মুখাশিল্প,ভাওনাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ
নৃত্য সাজ পাৰ প্ৰদৰ্শন কৰে।এই শোভাযাত্ৰাত লক্ষাধীশ লোকে অংশ লোৱা পৰিলক্ষিত হয়।
ইফালে লাখ লাখ ভক্ত সমাগমেৰে উখলমাখল সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ।বিপনী সমূহতো মানুহৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে।লগতে সেৱা বাহিনীৰ যুৱক যুৱতী সকল তৎপৰতাৰে নিজ কৰ্তব্য পালন কৰা পৰিলক্ষিত হৈছে।আনহাতে মুকলি সভা অনুষ্ঠানত উপস্থিত থকি অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিতা, অজন্তা নেওগ,কৃষি মন্ত্ৰী অতুল বৰাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments