Thursday, March 12, 2026
Homeঅসম৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনৰ অন্তিম দিন

৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনৰ অন্তিম দিন

ডিজিটেল,ডেস্ক, ৯ফেব্ৰুৱাৰী: আজি অন্ত পৰিল শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৯৪সংখ্যক অধিৱেশনৰ। অশ্ৰুসিক্ত নয়নেৰে বিদায় ল’লে লাখ-লাখ ভকত বৈষ্ণৱে। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ৪দিনীয়াকৈ অনুষ্ঠিত হোৱা সংঘৰ অধিৱেশনখনৰ আজি সফল সমাপ্তি ঘটে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লাখ-লাখ ভকত বৈষ্ণৱেৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছিল অধিৱেশনস্থলী। তাৰ মাজতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰত দেখা গ’ল আৱেগিক দৃশ্য। বিদায় পৰ্বত ইজনে সিজনক সাবতি সেৱা লৈ চকুপানী টোকা দৃশ্যই এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰিলে অধিৱেশনস্থলীত।

বিভিন্ন জিলাৰ পৰা অহা সেৱাবাহিনীৰ যুৱক-যুৱতীসকলৰ চকুত দেখা গ’ল চকুলো। বিদায়ৰ মুহূৰ্তত সকলোৰে চকুত দেখা গ’ল চকুপানী। বিভিন্ন জিলা শাখাৰ শিৱিৰসমূহৰ পৰাও দুখমনে উভতিল ভকত বৈষ্ণৱ। অহাবৰ্ষত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে উভতিল ভকত বৈষ্ণৱ।

৯৫সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন অনুষ্ঠিত হ’ব তেজপুৰত। সমূহীয়া প্ৰাৰ্থনা বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ আৰু বিভিন্ন্ নাম প্ৰদৰ্শনেৰে ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সামৰণি পৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments