ডিডিটেল ডেস্ক, ৯ফেব্ৰুৱাৰী: আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ। শদিয়াৰ টোপচিঙা গাঁৱত আদ্যশ্ৰাদ্ধৰ বিশাল আয়োজন। ভাগে ভাগে সকলোৱে নিজ নিজ দায়িত্ব চমজি লৈছে শদিয়াৰ প্ৰতিটো অঞ্চলৰ ৰাইজে। অতিথিক আপ্যায়নৰ বাবে সাজু হৈছে শদিয়াৰ ১২৯ খন গাঁৱৰ ৰাইজ। বিভিন্ন প্ৰান্তৰ ৰাইজে প্ৰেৰণ কৰিছে ধন তথা অন্যান্য সামগ্ৰী। এই শ্ৰাদ্ধৰ বাবে নিজেই ওলাই আহিছে সমাজৰ সৰ্বস্তৰৰ লোক । প্ৰায় ডেৰ লাখ অতিথিৰ বাবে ৩৩ টা লংগৰত অতিথিক আপ্যায়ন শদিয়াবাসীৰ।কেইবাখনো গাঁৱৰ ৰাইজে লগ লাগি প্ৰস্তুত কৰিছিল ১০ হাজাৰ পকা মিঠে।
অৱশ্যে মৃত্যুৰ দিনাৰ পৰাই ৰাজীৱ শদিয়াৰ ঘৰলৈ অবিৰামভাৱে সোঁত বৈছে অনুৰাগীৰ। আজি আদ্য়শ্ৰাদ্ধ উপলক্ষে হাজাৰ হাজাৰ লোকে আগভাগ লৈছে প্ৰয়াত ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ কৰ্মত। ২৫টা দলে পৰিৱেশন কৰে গায়ন-বায়ন, প্ৰদৰ্শন হ’ব ভাওনা। বহু ৰাজনৈতিক দলৰ নেতা, জাতীয় দল সংগঠনৰ নেতৃত্বই ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ সকলো দায়িত্ব লোৱাৰ উপৰিও তিনিচুকীয়া, শদিয়াৰ বিভিন্ন গাঁৱৰ ৰাইজে দিনে নিশাই সাহাৰ্য দিছে ৰাজীৱ শদিয়াৰ পৰিয়ালটোক।
১৯৮৪ চনত তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ টুপছিঙা গাঁৱত জন্ম হৈছিল ৰাজীৱ শদিয়াৰ।অতি সাধাৰণ জীৱন যাপন কৰা ৰাজীৱ শদিয়াই জাতিৰ বাবে গীত গাই ৰাইজৰ হিয়াৰ আমঠু হৈ পৰিছিল। দেশপ্ৰেম মূলক গীতেৰে ৰাজ্যৰ সংগীত জগতত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৰাজীৱ শদিয়া। কিন্তু ১২ জানুৱাৰীত অৰ্থাৎ মাঘ বিহুৰ উৰুকাৰ আগদিনা গীত পৰিৱেশন কৰি থাকোতেই ঢলি পৰিছিল ৰাজীৱ শদিয়া। তাৰ পাছতে আহিছিল অনাকাংশিত খবৰটো। ৰাজীৱ শদিয়া আৰু আমাৰ মাজত নাই…
এজন শিল্পীয়ে জনতাৰ হৃদয়ত কি দৰে স্থান লাভ কৰিলে উদযাপিত হয় প্ৰয়াত শিল্পীজনৰ এনেদৰে আদ্যশ্ৰাদ্ধ?এই দৃশ্য দেখিলেই উপলব্ধি কৰিব পাৰিব সেই কথা…
