ডিজিটেল ডেস্ক, ৩মাৰ্চ: সাৱধান ! আহি আছে ৪০ কিলোমিটাৰ বেগত ধুমুহা-বৰষুণ। বহুকেইখন জিলাত জাৰি কৰা হৈছে ইয়েল্লো এলাৰ্ট। অত্যধিক প্ৰয়োজনীয় কাম নাথাকিলে বাহিৰ নহব ঘৰৰ পৰা।
সোমবাৰে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।সোমবাৰে বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ ৪খন জিলাত জাৰি কৰিছে Yellow Alert।
ধেমাজি, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।অৱশ্য ৪, ৫, ৬ আৰু ৭ মাৰ্চৰ বাবে ৰাজ্যৰ কোনো জিলাত বতৰ বিজ্ঞান বিভাগে কোনোধৰণৰ সাৱধানবাণী দিয়া নাই।বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰা জিলাসমূহত বৰষুণৰ লগতে ধুমুহা হোৱাৰ সম্ভাৱনা আছে।