ডিজিটেল ডেস্ক, ৩মাৰ্চ: বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ তীব্ৰ বাক-বিতণ্ডা। ২০০৯ চনৰ পৰাই আপুনি মোৰ লগত লাগি আছে। কিন্তু মই আপোনাক স্তব্ধ কৰি দিলো। ভৱিষ্যতেও কৰি যাম। বিধানসভাৰ মজিয়াতে অখিল গগৈক প্ৰত্যুত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মাই। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ বিধানসভাত চলিছিল আলোচনা
APSC কেলেংকাৰীক লৈ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত অসম বিধানসভাৰ অধিৱেশনত বিতৰ্ক। সদনত বিৰোধী বিধায়ক অখিল গগৈয়ে কয়, ‘‘অসমৰ সকলো কেলেংকাৰীৰ ভিতৰত সকলোতকৈ বেয়া কেলেংকাৰী APSCৰ কেলেংকাৰী৷ APSCত মাফিয়াৰাজ চলিছিল৷ ২০১৩ আৰু ২০১৪ৰ APSCত চাকৰি পোৱা সকলক প্ৰতিবেদন মৰ্মে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে। শাসক-বিৰোধীয়ে আজিয়েই সিদ্ধান্ত লওক৷ চাকৰি দিয়াসকলৰ বিৰুদ্ধেও CBIৰ তদন্ত হ’ব লাগে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, কংগ্ৰেছ চৰকাৰৰ দিনত ৰাকেশ পাল APSCৰ সদস্যৰ পৰা অধ্যক্ষ হোৱালৈকেই নহয়, তাৰ আগতো কেলেংকাৰী হৈছিল। বহুতৰে ঘৰত EDৰ ৰেইড চলিছিল। ডিব্ৰুগড়ত অংশুমিতা গগৈয়ে দাখিল কৰা FIRৰ পাছত সৰ্বানন্দ সোণোৱালৰ দিনত গোচৰৰ তদন্ত কৰা হৈছিল৷ সোণোৱালে গাপ দিও থ’ব পাৰিলেহেঁতেন৷ কিন্ত আমাৰ BJP চৰকাৰে থমকি নৰ’ল৷ আজি সদনে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জনাব লাগে৷
বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ২০১৩ আৰু ২০১৪ৰহে তদন্ত কৰিছে৷ এতিয়া আমি নিকাভাৱে নিযুক্তি দিছো ৷ কংগ্ৰেছৰ দিনত একোজন মন্ত্ৰীৰ চাৰি পাঁচজন কেণ্ডিডেট আছিল৷ এই তদন্তই এটা বাৰ্তা দিলে যে এতিয়াৰে পৰা আৰু কোনো নিযুক্তিত কেলেংকাৰী নহ’ব৷
”তৰুণ গগৈ নিজক আত্মপক্ষ সমৰ্থন কৰিবলৈ আজি নাই৷ তেনে কথা আমি পতা উচিত নহয়৷ তাৰাপ্ৰসাদ দাসৰ দিনত হোৱা অনিয়মৰ কথা আন এক আয়োগৰ প্ৰতিবেদনত আছে৷ বি কে শৰ্মাৰ ৰিপ’ৰ্টত ৰাকেশ পালক চাৰ্চ কমিটীয়ে নিযুক্তি দিয়া নাছিল৷ তাত কোনে চহী কৰিছিল৷ আজি তৰুণ গগৈ জীৱিত অৱস্থাত নাই৷ ৰাকেশ পালে তৰুণ গগৈক ২০০৮ৰ ৮ ছেপ্টেম্বৰত লগ কৰি APSCত নিযুক্তি দিলে৷ পালে দিয়া আবেদনত তৰুণ গগৈয়ে লিখি দিলে ‘মে বি কনচিদাৰ’ বুলি৷ তাৰ পাছত ২০০৯ৰ ৩০ ছেপ্টেম্বৰত নিযুক্তিয়েই দিয়া হ’ল APSCৰ সদস্য হিচাপে৷ আবেদনত হাইক’ৰ্টৰ ছিনিয়ৰ এডভোকেট বুলি কোনেও নাচালে তেওঁ ছিনিয়ৰ এডভোকেট হয় নে নহয়৷ তেওঁ নটাৰীহে আছিল”
‘‘২০১৩ত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুখ্য সচিবলৈ লিখি ক’লে যে APSCৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ক বুলি৷ অধ্যক্ষ নিযুক্তিৰ বাবে লিখিত আবেদন কৰা নাছিল ৰাকেশ পালে৷ মুখ্য সচিবে মুখ্যমন্ত্ৰীলৈ লিখিলে কি পদ্ধতিত দিব বুলি। নিযুক্তি দিয়াৰ সময়ত অধ্যক্ষৰ ম্যাদ উল্লেখ নাছিল৷ ২০১৩ৰ ৫ ডিচেম্বৰত অধ্যক্ষ নিযুক্তি দিয়া হৈছিল। ২০১৪ৰ ৮ ছেপ্টেম্বৰত পাঁচ বছৰৰ বাবে অধ্যক্ষ নিযুক্তি দিয়া হয়৷ ৰাকেশ পালক তৃতীয় বাৰলৈ নিযুক্তি দিয়া হ’ল APSCত৷ তদন্ত ২০১৩ বা ২০১৪এ নহয়, তদন্ত ২০০৮ৰ পৰাই হ’ব লাগে৷ কিন্তু টেকন’লজীৰ বাবে নোৱাৰি৷ তিনি বছৰলৈ টাৱাৰ লোকেশ্যন পাব পাৰি৷ তাৰ পাছত নোৱাৰি৷’’
‘‘বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত লিখিছে, মুখ্যমন্ত্ৰীৰ পুত্ৰই বিয়াত ৰাকেশ পালৰ পৰা তিনি লাখ টকাৰ অলংকাৰ উপহাৰ লৈছিল৷ আয়কৰ বিভাগলৈ আমি চিঠি লিখিছো৷ কিন্তু সাংসদজনে প্ৰতিবেদনখন প্ৰকাশ পোৱাৰ ২০ দিনৰ পাছতো এটাও স্পষ্টীকৰণ দিয়া নাই। ৰাজপুত্ৰ হোৱাৰ বাবেই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক গুৰুত্ব দিয়া নাই৷ অখিল গগৈয়ে সাংসদজনক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। অখিল গগৈয়েও টকা লোৱাৰ কথা আছে প্ৰতিবেদনত আছে৷ কমল মেধিয়ে লৈছিল অখিল গগৈৰ হৈ৷ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে আজিলৈকে নাকচ কৰা নাই৷ মানে তেওঁ লৈছিল৷ কংগ্ৰেছৰ অফিচিয়েল মুখ্য মুখপাত্ৰই কৈছে যে বিয়াত উপহাৰ কোনে কি দিয়ে কেনেকৈ জানিব? আমি ব্যৱস্থা ল’ম।’’