Sunday, July 6, 2025
Homeঅসমবিতৰ্কৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া মন্ত্ৰী অশোক সিংহালৰ

বিতৰ্কৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া মন্ত্ৰী অশোক সিংহালৰ

মন্ত্ৰী অশোক সিংহালৰ ফেচবুক প’ষ্ট
গুৰুজনাৰ ভাওনাকলৈ মই অপমানসূচক মন্তব্য কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মই শেহতীয়াকৈ অৱগত হৈছোঁ।
প্ৰথমতেই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে, এই অভিযোগ সম্পূৰ্ণ মিছা আৰু মনেসজা । সংবাদ মাধ্যমৰ এটা প্ৰতিনিধি দল মোৰ ওচৰলৈ অহাটো সঁ‌চা আৰু ভাওনালৈ তেওঁলোকে মোক নিমন্ত্ৰণ জনোৱাটোও সত্য । কিন্তু ভাওনাক কেন্দ্ৰ কৰি তাচ্ছিল্যসূচক কোনো কথা কোৱাটো দূৰৈৰ কথা তেনে কথা মোৰ কল্পনালৈ অহাটোৱেই অসম্ভৱ । গতিকে এনেদৰে কাহিনী সাজি আৰু তাৰ সৈতে মহাপুৰুষজনাৰ নাম সাঙুৰি জগতগুৰুজনাক অপমান কৰাৰ লগতে জনমানসত মোক হেয় প্ৰতিপন্ন কৰাৰ এই অপচেষ্টা কোনোপধ্যেই গ্ৰহণীয় হ’ব নোৱাৰে ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি একান্ত অনুগত আৰু তেখেতৰ সৃষ্টিৰাজিক সদায় শিৰনত কৰি আকোঁ‌ৱালি আহিছোঁ‌। যিগৰাকী গুৰুৰ সৃষ্টি-অৱদানেৰে সমগ্ৰ অসমীয়া জাতিটো সমৃদ্ধ ; যিগৰাকী গুৰুৰ নাম লৈ প্ৰতিটো দিনৰ আমি আৰম্ভণি কৰোঁ – তেখেতক সাঙুৰি কৰা এই অপপ্ৰচাৰে মোক ব্যক্তিগতভাৱে যথেষ্ট মনোকষ্ট দিছে । অসমীয়া জাতীয় জীৱনৰ ভেটি গঢ়োঁ‌তা গুৰুজনাৰ সৃষ্টিৰাজিক লৈ বক্তব্য প্ৰদান কৰাৰ ধৃষ্টতা আমাৰ নাই।
এনেদৰে মিছাৰ আশ্ৰয় লৈ প্ৰতিগৰাকী অসমবাসীৰ আৱেগক কৰা অশ্ৰদ্ধা-অপমানক গৰিহণা দিছোঁ আৰু মোৰ বিৰুদ্ধে এই ষড়যন্ত্ৰত লিপ্ত হোৱা নিৰ্দ্দিষ্ট সাংবাদিকগৰাকীক অনতিপলমে ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ, অন্যথাই মই আইনৰ আশ্ৰয় ল’বলৈ বাধ্য হ’ম বুলিও স্পষ্ট কৰি দিছোঁ।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments