ডিজিটেল ডেস্ক, anews24x7: ইম্ফলৰ উত্তৰ দিশৰ নগালেণ্ডৰ সৈতে মণিপুৰৰ অন্তিমখন সীমান্তৱৰ্তী চহৰ মাওৰ সমীপৱৰ্তী স্থানত ৩০টা চাবোনৰ কেচত পেক কৰা ৩৪৬.৪৩ গ্ৰাম ব্ৰাউন চুগাৰৰ সৈতে অসমৰ এজন অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে মণিপুৰ আৰক্ষীয়ে ।আটকাধীন লোকজন অসমৰ যোৰহাটৰ ডাংধৰা গাঁৱৰ ৰাহুল শইকীয়া। মণিপুৰৰ সেনাপতি জিলাৰ শ্বহীদ উদ্যানৰ সমীপত কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত তেওঁক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে মণিপুৰ আৰক্ষীয়ে ।
দেওবাৰে পুৱা প্ৰায় ৫:৩০ বজাত ডিমাপুৰৰ অভিমুখে অসমৰ পঞ্জীয়ন নম্বৰৰ ৰেন’ল্ট কে ডব্লিউ আই ডি এখন চাৰিচকীয়া বাহনেৰে তীব্ৰ গতিত যোৱা সন্দেহত গাড়ীখন আৰক্ষীয়ে ৰখাই গাড়ীৰ সন্মুখৰ ডেচব’ৰ্ডৰ তলৰ পৰা ৩০টা চাবোনৰ কেচ জব্দ কৰে।লোকজনক এন ডি পি এছ আইনৰ গোচৰ ৰুজু কৰি আটক কৰি ৰখা হৈছে ।