ডিজিটেল ডেস্ক, ১২মাৰ্চ:ম্লান পৰিব ফাকুৱাৰ আনন্দ? ৰাজ্যত ভয়ংকৰ ধুমুহা বৰষুণৰ হাই এলাৰ্ট।
ঘণ্টাত ৪০-৫০ কিলোমিটাৰত বেগত ধুমুহা-বৰষুণ! ৫ দিনলৈ অসমত জাৰি Yellow Alert! বতৰ বিজ্ঞান ডাঙৰ সতৰ্কবাণী
ৰাজ্যত হ’ব পাৰে ধাৰাসাৰ বৰষুণ। আগন্তুক ৪ দিনত সমগ্ৰ ৰাজ্যতে বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।
অসমকে ধৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে। ১২ মাৰ্চত অসমত ঘণ্টাত ৪০-৫০ কিলোমিটাৰত বেগত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা আছে।
১৩ মাৰ্চত অসমকে ধৰি নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে। আনহাতে অৰুণাচল প্ৰদেশত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। ১৩ মাৰ্চত অসমত ঘণ্টাত ৪০-৫০ কিলোমিটাৰত বেগত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা আছে।
১৪ মাৰ্চত অসমকে ধৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰাত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে। ১৪ মাৰ্চত অসমত ঘণ্টাত ৩০-৪০ কিলোমিটাৰত বেগত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা আছে।
১৫ মাৰ্চত অসমকে ধৰি অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰাত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে। ১৫ মাৰ্চত অসমত ঘণ্টাত ৩০-৪০ কিলোমিটাৰত বেগত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা আছে।