ডিজিটেল ডেস্ক, ১৬মাৰ্চ: কোকৰাঝাৰ দতোমাত এবছুৰ ৫৭সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী। কেন্দ্ৰীয় কাৰ্যসূচীত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
ভাষণ কয়:
‘‘এবছুৰ ৫৭ সংখ্যক অভিৱৰ্তনৰ মুকলি সভাত অংশ লৈছো। লাখ লাখ বড়ো ভাই ভনীক নমস্কাৰ জনাইছো। দতোমালৈ মই প্ৰথমবাৰ আহিছো। মা কামাখ্যা আৰু মা মহামায়ৰ নাম লৈ ভাষণ আৰম্ভ কৰিছো।’’
‘‘বড়ো জাতি নিৰ্মাণত এবছুৰ অৱদান আছে, এবছুৰ বাবেই বিটিআৰ চুক্তি সম্ভৱ হৈছে। এবছুৰ অবিহনে BTRত শান্তি সম্ভৱ নহ’লহেঁতেন। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত নতুন দিল্লীত এটা পথৰ নামাকৰণ কৰিম। সেই পথত বড়োফাৰ মূৰ্তি স্থাপন কৰা হ’ব। BTR চুক্তিৰ পাছত বড়ো ভূমিত বিকাশ হৈছে। বড়ো ভূমিৰ বিকাশৰ বাৰ্তা দিল্লীলৈকে যাব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্ৱত বড়োলেণ্ডত বিকাশ হৈছে।’
‘‘২০২০ BTR চুক্তিক উপলুঙা কৰিছিল কংগ্ৰেছে। বড়োভূমিত শান্তি স্থাপন অসম্ভব বুলি কৈছিল কংগ্ৰেছে। বৰ্তমানলৈকে চুক্তিৰ ৮২শতাংশ কাম সম্পূৰ্ণ হৈছে। আগন্তুক দুবছৰৰ পিছত BTR চুক্তি ১০০ শতাংশ ৰূপায়ন হ’ব। ইতিমধ্যে সমগ্ৰ BTRৰ AFSPA বাতিল কৰা হৈছে।’’
‘‘ আমি BTRত ডুৰাণ্ড কাপ পাতিলো। ভাৰতবৰ্ষত অলিম্পিক হ’ব তাত এই অঞ্চলৰ খেলুৱৈয়ে অংশ লওক। BTRৰ যুৱকক অলিম্পিকৰ বাবে প্ৰস্তুতি কৰিব লাগে। BTRত লাহে লাহে উদ্যোগীক বাৰ্তাবৰণ তৈয়াৰ হৈছে। শ শ বিদ্ৰোহী যুৱকক আমি মূল সুঁতিলৈ উভতাই আনিবলৈ সক্ষম হৈছো। ৩ হাজাৰৰ অধিক NDFBক পুনৰ সংস্থাপন দিছোঁ। এসময়ত বড়ো ভূমিত গুলীৰ শব্দ কঁপি উঠিছিল। বড়োভূমিত এতিয়া বড়ো যুৱকে ত্ৰিৰংগা লৈ ঘূৰে। বাথৌ ধৰ্ম কিমান উচ্চখাপৰ জানি সমৃদ্ধ হ’লো।’’