Wednesday, June 18, 2025
Homeঅসমআদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগৰ চিকিৎসাৰ সহায় সহযোগ কৰা সকলো দল...

আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগৰ চিকিৎসাৰ সহায় সহযোগ কৰা সকলো দল সংগঠন, সংবাদ দাতা সকলোকে ধন্যবাদঃআছা

ডিজিটেল ডেস্ক, ২১মাৰ্চ: সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ্ ‘আছা’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা বলিষ্ঠ কন্ঠ অধিকাৰী প্ৰদীপ নাগ শেহতীয়াকৈ বহুকেইটা জটিল ৰোগত আক্ৰান্ত হৈ যোৱা ৮ মাৰ্চৰ পৰা গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সময়ত আটছা , আটাছু ,কৃষ্ণক মুক্তি সংগ্ৰাম সমিতি গোৰ্খা ছাত্ৰ সন্থা গৰিয়া মৰিয়া দেশী পৰিষদ , বি পি এফ কে ধৰি সকলো দল সংগঠন আৰু অসমৰ ৰাইজে সৰ্বোতোপ্ৰকাৰে সহায় সহযোগ কৰাৰ বাবে আছা ৰ কেন্দ্ৰীয় সমিতিয়ে ধন্যবাদ জ্ঞাপন কৰে ৷

প্ৰদীপ নাগ আৰোগ্য লাভ নকৰাত  ১৫ মাৰ্চত এয়াৰ এম্বুলেন্সৰ যোগেদি দিল্লীৰ মেদান্তা চিকিৎসা লয়ত উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সৰ যোগেদি হস্তান্তৰ কৰা হয় বুলি আছা ৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেবেন উৰাঙৰ লগতে সংগঠনটোৰ উপ সভাপতিদ্বয় ৰেজান হৰো চাক্ৰিয়াচ চৰেণ সাংস্কৃতিক সম্পাদক ডেভিড তিৰ্কীয়ে জানিবলৈ দিয়াৰ লগতে আশু আৰোগ্য কামনা কৰে ।

আনহাতে মূখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা তথা অসম চৰকাৰক সংগঠনটোৰ সভাপতি প্ৰদীপ নাগৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰাত আছা’ৰ নেতাত্ৰয়ে মূখ্যমন্ত্ৰী তথা অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷

নেতাত্ৰয়ে জনোৱা মতে সংগঠনটোৰ সভাপতিগৰাকীৰ স্বাস্থ্য অতি শীঘ্ৰে উন্নত কৰিবলৈ সংগঠনটোৱে সকলো প্ৰকাৰৰ ব্যৱস্থা অনাগত দিনত কৰিব ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments